নগাঁও,১০ এপ্ৰিল: দেশৰ লগতে ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ নগাঁৱতো দ্ৰুত গতিত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । মহামাৰীৰ দ্বিতীয় ঢৌৱে নগাঁৱতো সৃষ্টি কৰিছে আতংকৰ । জিলাখনত পুনৰ আন এগৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । নিহত মহিলাগৰাকী নগাঁও চহৰৰ ভূঞাপট্টিৰ নিবাসী ৫২ বছৰীয়া সীমা হাজাৰী বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ হেল্থ চিটি নামৰ ব্যক্তিগত চিকিৎসালয়খনত মৃত্যু হৈছে সীমা হাজাৰীৰ ।
ইফালে, যোৱা ৩ এপ্ৰিলত মহিলাগৰাকীৰ স্বামী আৰু একমাত্ৰ কন্যাসহ পৰিয়ালটো কভিড-১৯ ত আক্ৰান্ত হৈছিল । হেল্থ চিটি চিকিৎসালয়খনত চিকিৎসাধীন আছিল মহিলাগৰাকীসহ পৰিয়ালৰ আটাইকেইগৰাকী লোক । অৱশেষত চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা সীমা হাজাৰীয়ে প্ৰাণ হেৰুৱায় । শুকুৰবাৰে তেওঁৰ কন্যা সুস্থ হৈ উঠাত ঘৰলৈ আহে যদিও তেখেতৰ স্বামী বৰ্তমান সময়লৈকে চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল নগাঁও চহৰৰ মেঘৰাজ কোঠাৰী নামৰ এজন ব্যৱসায়ী । মন কৰিবলগীয়া যে, বৰ্তমানলৈকে নগাঁৱত ৫৭ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । প্ৰতিদিনেই এইদৰে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নগাঁওবাসী ।