ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক - hslc result

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক ৷ সোমবাৰে এই সন্দৰ্ভত নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয় একাংশ ছাত্ৰ ছাত্ৰী ৷

hslc-result-controversy-is-continue-in-nagaon
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক
author img

By

Published : Aug 2, 2021, 10:47 PM IST

নগাঁও, 2 আগষ্ট : গুৰু দক্ষিণা নহয় এইবাৰ গুৰুৰ বিৰুদ্ধে শিষ্যৰ গুৰুতৰ অভিযোগ ৷ সাধাৰণতে গুৰুৰ দৃষ্টিত সমান হ'ব লাগে সকলো শিষ্য ৷ কিন্তু সেইয়া যেন এতিয়া কিছু পৰিমানে হলেও নোহোৱা হ'বলৈ ধৰিছে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতে সমগ্ৰ ৰাজ্যজুৰি শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে অব্যাহত ৰখা প্ৰতিবাদে যেন এই কথাকে প্ৰমাণ কৰিছে ৷ গুৰুৰ বিৰুদ্ধে এতিয়া ৰাজহুৱাকৈ মন্তব্য কৰাই নহয় গুৰুৰ বিৰুদ্ধে অভিযোগ দিবলৈ বাধ্য হৈছে একাংশ ছাত্ৰ ছাত্ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ'লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে ফলাফল ৷ কিন্তু এই ফলাফলক লৈয়েই ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰো অভিযোগ উত্থাপন হৈছে ৷

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত আজিও অব্যাহত আছে বিতৰ্ক ৷ সোমবাৰে এখন বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে মূল্যায়নত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয় একাংশ ছাত্ৰ ছাত্ৰী ৷

উল্লেখ্য যে, নগাঁৱৰ আইলক্ষ্মী আঞ্চলিক আত্মনন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে নম্বৰ দিয়াৰ নামত ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে ৷ বিদ্যালখনৰ অধ্যক্ষই নিজ ইচ্ছামতেই ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ বাবেই বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ন হোৱাৰো অভিযোগ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে জিলা বিদ্যালয়সমূহৰ পৰিদর্শকক অভিযোগ দাখিল কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ৷

ইফালে ছাত্ৰ-ছাত্ৰীৰ অভিযোগ সন্দৰ্ভত অনুসন্ধান কৰাৰ আশ্বাস প্ৰদান কৰিছে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ৷ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ কিমান সঁচা সেইয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ যদি সঁচাকৈয়ে মূল্যায়নৰ নামত কোনো শিক্ষকে ধন লোৱাৰ দৰে ঘটনা সংঘটিত কৰিছে তেন্তে এইয়া এক কলংকিত অধ্যায় হিচাপে বিবেচিত হ'ব ৷ বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনাইছে সচেতন মহলে ৷

লগতে পঢ়কঃ মূল্যাংকনক লৈ সন্তুষ্ট নহয় মৰিগাঁৱৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.