ETV Bharat / state

গৰাখহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰৰ ব্যাপক অনিয়ম - জিঅ’ বেগ

সঠিক ৰূপত ঠিকাদাৰে জিঅ’ বেগসমূহ সংস্থাপন নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

গড়াখহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰৰ ব্যাপক অনিয়ম
author img

By

Published : May 28, 2019, 9:50 AM IST

নগাঁও, ২৮ মেঃ কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । সাংবাদিকক বাতৰি সংগ্ৰহত বাধা স্থানীয় দালালৰ ।

নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰি বান্ধ নিৰ্মাণ কৰাত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ৩.৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া বান্ধটো নিৰ্মাণৰ কামত ঠিকাদাৰে বিভাগীয় নীতিকো অৱমাননা কৰাৰ অভিযোগ । নিয়ম অনুসৰি যিধৰণে ঠিকাদাৰে কাম কৰিব লাগিছে সেই নিয়ম অনুসৰি কাম নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । স্থানীয় লোকৰ অভিযোগ যে, জিঅ’ বেগ বোৰ পানীৰ তলত বহুৱাওতে নাও ব্যৱহাৰ কৰিব লাগিছিল । কিন্তু ওপৰৰ পৰা পেলাই দিওঁতে সঠিক স্থানত জিঅ’ বেগ নপৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ইফালে গৰাখহনীয়া এলেকাত সাংবাদিকক বাতৰি সংগ্ৰহত একাংশ বি জে পি স্থানীয় দালালে বাধা দিয়া কাৰ্য্যত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কামত যি দুৰ্নীতি কৰিছে বিভাগীয় কতৃপক্ষই পুনৰীক্ষণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ক্ষুব্ধ ৰাইজ তথা দল সংগঠনে ।

গড়াখহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰৰ ব্যাপক অনিয়ম

লগতে আন এটা বাতৰি - মহানগৰবাসীক বানপানীৰ পৰা সকাহ দিবলৈ পৌৰ নিগমৰ তৎপৰতা

Intro: কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ গড়াখহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।সাংবাদিকক বাতৰি সংগ্ৰহত বাধা ।

Anchor= খৰালী দিন বোৰত শুই বহি থাকি বাৰিষা কালত মাথাউৰী নিৰ্মানৰ কাম হাতত লোৱা জল সম্পদ বিভাগে নগাওঁ জিলাৰ কামপুৰৰ বকুলগুৰি বান্ধ নিৰ্মান কৰাত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে । ৩.৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া বান্ধটো নিৰ্মানৰ কামত ঠিকাদাৰে বিভাগীয় নীতিকো অৱমাননা কৰাৰ অভিযোগ উঠিছে ।

Body: V/o=কেন্দ্ৰীয় জলসম্পদ বিভাগৰ মাথাউৰী নিৰ্মানৰ ভেকুভাওঁনা ।চাওঁক কেনেদৰে জিঅ বেগ বোৰ ওপৰৰ পৰা পেলাইদিছে ।বিভাগীয় নিয়ম অনুসৰি এই বেগবোৰ পেলাব হলে নাওঁ ব্যৱহাৰ কৰিব লাগিব ।কিন্তু ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিক সকলে ওপৰৰ পৰা পানীলৈ কেনেদৰে পেলাইছে ।কিন্তু এইবোৰ সঠিক স্থানত পৰিছে জানো ?শুনক ঠিকাদাৰৰ এজন কৰ্মচাৰীৰ মুখৰে ।

Byte=ঠিকাদাৰৰ কৰ্মচাৰী

Conclusion:V/o=ইফালে ঠিকাদাৰ সোমেশ্বৰ দাসৰ এই কাণ্ডক সহজ ভাবে লোৱা নাই স্থানীয়লোকে । গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ কৰিছে স্থানীয় একাংশলোকে ।স্থানীয় লোকৰ মন্তব্য জিঅ বেগ বোৰ পানীৰ তলত বহুৱাওতে নাওঁ ব্যৱহাৰ কৰিব লাগিছিল ।কিন্ত ওপৰৰ পৰা পেলাই দিওঁতে সঠিক স্থানত নাই পৰা বুলি অভিযোগ কৰিছে ।ইফালে গৰাহনীয়া এলেকাত সাংবাদিকক বাতৰি সংগ্ৰহত একাংশ বি জে পি স্থানীয় দালালে বাধা দিয়া কাৰ্য্যত ৰহস্য গোন্ধ পাইছে স্থানীয় লোকে ।

Byte=স্থানীয় লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.