ETV Bharat / state

নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা - জিলা প্ৰশাসনে

পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ হৈ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ । চহৰখনৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে ।

Containment zone declared in Nagaon district
অহা ১৫ দিন পৰ্যন্ত বন্ধ হৈ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক বজাৰ
author img

By

Published : May 8, 2021, 11:57 AM IST

নগাঁও,৮ মে': ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণৰ হাৰ । এই সংক্ৰমণ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনসমূহে । নগাঁও জিলাতো মহামাৰীৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ কেবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি নগাঁৱৰ জিলা দণ্ডাধীশে সমগ্র জিলাখনত পৰৱৰ্তী ১৫ দিন পৰ্যন্ত সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে । তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । ইফালে প্ৰশাসনৰ নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকীয়নি দিছে ।

লগতে পঢ়ক: টিংখাঙত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.