কলিয়াবৰ, 18 জুন : বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰা হয় কলিয়াবৰ মহকুমাৰ ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ কাম ৷ বিধায়কৰ "স্বাক্ষৰ আঁচনি"ৰ 10 কোটি টকাৰ ব্যয় সাপেক্ষ ডা৹ টি. আও গ্ৰাম্য ক্ৰীড়াংগণৰ নৱ-নিৰ্মাণৰ শুভাৰম্ভণী কৰে মন্ত্ৰী কেশৱ মহন্তই ।
২০১৭ চনৰ সংহাৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্ধ নিৰ্মিত ক্ৰীড়াংগণ সুদীৰ্ঘ উনৈশ বছৰৰ পাছত পূৰ্ণাংগ ৰূপ পাব। ডা. টি. আও গ্ৰাম্য ক্ৰীড়াংগণখন কলিয়াবৰ আৰু নিকতৱৰ্তী অঞ্চলৰ ক্ৰীড়া বিকাশৰ বাবে অন্যতম ক্ষেত্ৰ হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে কলিয়াবৰ ক্ৰীড়া সন্থাই।
লগতে পঢ়কঃ দৰঙত পুনৰ দুজন কৰ’ণাত আক্ৰান্ত
বানৰ পিচৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত খেলপথাৰখনৰ পুনৰ নিৰ্মাণৰ বাবে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনি অসম চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল। এই আঁচনিৰ সম্পূৰ্ণ ধন আৱণ্টিত হোৱা নাই যদিও প্ৰাৰম্ভিক পৰ্যায়ত অসম চৰকাৰৰ বিধায়ক স্বাক্ষৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে কলিয়াবৰৰ স্থানীয় বিধায়ক কেশৱ মহন্তই।
৯২৮ মিটাৰ দৈৰ্ঘৰ সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন, ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত্যাধুনিক সুবিধালব্ধ খেলুৱৈৰ ৰূম, খেল পৰিচালকৰ ড্ৰেছিং ৰূম, ব্যায়ামগাৰ, চিকিৎসকৰ চেম্বাৰ, দৃশ্য-শ্ৰাব্য তথা ভিডিঅ’ কন্ফাৰেন্সিং ব্যৱস্থা, কাৰ্যালয়, ফুটবল খেলাপথাৰ, ফেন্সিং, ফ্লাডলইটৰ ব্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্যায়ত ১০ কোটি টকাৰ ব্যয় সাপেক্ষ আঁচনি ৰূপায়ণ হ’ব। উলেখযোগ্য যে, ২০০১ বৰ্ষৰ ১১ মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এচ. কে. সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াংগণখন।