ETV Bharat / state

Batadrava project is underway: কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰেৰে ভৰি পৰিব সপোনৰ ৰাজআলি

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:12 PM IST

Updated : Sep 19, 2023, 3:51 PM IST

গুৰুজনাৰ জন্ম স্থানলৈ হ’ব সপোনৰ ৰাজআলি ৷ 16 কিলোমিটাৰ দৈঘ্য পথৰ দুয়োকাষে দহ হাজাৰ গছ ৰোপণৰ পৰিকল্পনা ৷ কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰে আকৰ্ষণ কৰিব তীৰ্থযাত্ৰীক ৷ পূৰ্ণগতিত চলিছে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য ৷

Batadrava project is underway
পূৰ্ণোদ্যমে চলিছে বটদ্ৰৱাৰ প্ৰকল্পৰ কাম
কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰেৰে ভৰি পৰিব সপোনৰ ৰাজআলি

নগাঁও, 19 আগষ্ট : পূৰ্ণোদ্যমে চলিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ প্ৰকল্পৰ কাম । প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে বটদ্ৰৱা প্ৰকল্প । আটকধুনীয়া এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিচতেই দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা । গুৰুজনাৰ জন্মস্থানলৈ আগমন ঘটিব দৈনিক বৰ্তমানতকৈ অধিক পৰ্যটক, তীৰ্থ যাত্ৰীৰ ।

Construction of Batadrava project is underway
গুৰুজনাৰ জন্ম স্থানলৈ হ’ব সপোনৰ ৰাজ আলি

আগন্তুক দিনত গুৰুজনাৰ জন্মস্থানলৈ আহিবলগা পৰ্যটক অথবা তীৰ্থযাত্ৰীক আকৰ্ষণৰ লগতে প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নিৰ্মাণৰত নগাঁও বটদ্ৰৱা সংযোগী পথৰ দুয়োকাষে নানা গছ ৰোপণেৰে তীৰ্থযাত্ৰীক আকৰ্ষণৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে বিধায়কজনে ।

নগাঁৱৰ পৰা গুৰুজনাৰ পৱিত্ৰ জন্মস্থানলৈ যোৱা পথটোক সপোনৰ ৰাজআলি নামেৰে ইতিমধ্যেই নামাকৰণ কৰিছে ৰাইজে । এই সপোনৰ ৰাজআলিতেই কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ গছ ৰোপন কৰি এক নান্দনিক পৰিৱেশ গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈছে বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক : Assamese Traditional instrument: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে

ৰাইজে নামাকৰণ কৰা সপোনৰ ৰাজআলিক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যেই নগাঁৱৰ পৰা গুৰুজনাৰ জন্মস্থানলৈ যোৱা মুঠ 16 কিলোমিটাৰ পথৰ দুয়োকাষে ৰোপণ কৰিব দহ হাজাৰ জোপা গছ । কেৱল গছ ৰোপণ কৰাই নহয়, দহ হাজাৰ গছেই ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে ব্যৱস্থা । আগন্তুক এবছৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি দাবী কৰিছে বিধায়ক ৰূপক শৰ্মাই ।

মুঠৰ ওপৰত আগন্তুক দুই তিনি বছৰৰ ভিতৰতে নগাঁও বটদ্ৰৱা সংযোগী পথটো অসমৰ ভিতৰতে প্ৰাকৃতিক সৌন্দৰ্যৰে শুৱনি এটা পথ হ'ব বুলিও আশাবাদী বিধায়ক ৰূপক শৰ্মা । ইপিনে 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পৰ এটা অংশ অহা 24 ছেপ্টেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলিও উল্লেখ কৰিলে বিধায়ক ৰূপক শৰ্মাই ৷ বিধায়কগৰাকীৰ লগতে ৰাইজেও আশা কৰিছে সপোনৰ ৰাজ আলিলৈ বাটৰুৱাক কৃষ্ণচূড়া-ৰাধাচূড়াই হাত বাউল দি মাতিব বুলি ৷

লগতে পঢ়ক : Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

Last Updated : Sep 19, 2023, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.