ETV Bharat / state

লক ডাউন ভংগ কৰি নগাঁৱত বিধায়কৰ নিৰ্বাচনী সভা

author img

By

Published : Aug 24, 2020, 9:15 AM IST

প্ৰশাসনৰ নীতি-নিয়ম ভংগ কৰি নগাঁৱৰ ৰূপহীহাটত বিধায়কৰ নিৰ্বাচনী সভা ৷ হাতীপাৰা অঞ্চলত বিধায়ক নুৰুল হুদাই অঞ্চলটোৰ কংগ্ৰেছ নেতাকৰ্মীক লগত লৈ স্থানীয় নেতা গিয়াছ উদ্দিনৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত কৰে নিৰ্বাচনী সভা । অঞ্চলটোৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

Congress MLA Lock Down Vilolate In Nagaon
লক ডাউন ভংগ কৰি নগাঁৱত বিধায়কৰ নিৰ্বাচনী সভা

ৰূপহীহাট, 24 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য় জিলাৰ লগতে নগাঁও জিলাতো কৰ'ণা মহামাৰীয়ে এক প্ৰকাৰৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়াকৈ জিলা প্ৰশাসনে কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সপ্তাহৰ শনি আৰু দেওবাৰে লক ডাউন ঘোষণা কৰিছে ৷

দেওবাৰে জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰে ৰাজনৈতিক সভা অনুষ্ঠিত কৰাৰ অভিযোগ উখাপন হৈছে ৷ সমষ্টিটোৰ হাতীপাৰা অঞ্চলত বিধায়ক নুৰুল হুদাই অঞ্চলটোৰ কংগ্ৰেছ নেতাকৰ্মীক লগত লৈ স্থানীয় নেতা গিয়াছ উদ্দিনৰ বাসগৃহৰ চৌহদত অনুস্থিত কৰে নিৰ্বাচনী সভা । য'ত উপস্থিত আছিল শতাধিক লোক । সামাজিক দূৰত্ব ভংগ কৰি জন প্ৰতিনিধি গৰাকীয়ে ৰাজনৈতিক সভা অনুস্থিত কৰাৰ অভিযোগ উখাপন হৈছে ৷

আনহাতে, বিধায়ক গৰাকীয়ে লক ডাউন তথা চৰকাৰী নীতি-নিয়ম ভংগ কৰি এনেদৰে ৰাজনৈতিক সভা অনুষ্ঠিত কৰাত অঞ্চলটোৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে শেহতীয়া তথ্য অনুসৰি, নগাঁৱত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 4175 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে আৰোগ্য হোৱা লোকৰ সংখ্যা 2506 গৰাকী ৷ মৃতকৰ সংখ্যা 6 গৰাকী ৷ একেদৰে অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 89468 গৰাকী হোৱাৰ বিপৰীতে আৰোগ্য লোকৰ সংখ্যা 67641 গৰাকী আৰু মৃতকৰ সংখ্য়া 234 গৰাকীলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.