ETV Bharat / state

Bharat Jodo Yatra : ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে নগাঁৱত কংগ্ৰেছৰ পদযাত্ৰা - Anniversary of Bharat Jodo Yatra

বৃহস্পতিবাৰে নগাঁৱত কংগ্ৰেছে বাহিৰ কৰে এক পদযাত্ৰা ৷ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে কংগ্ৰেছে বাহিৰ কৰে এই পদযাত্ৰা ৷

Bharat Jodo Yatra
বৃহস্পতিবাৰে নগাঁৱত কংগ্ৰেছে অনুষ্ঠিত কৰে পদযাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:33 PM IST

নগাঁৱত কংগ্ৰেছে অনুষ্ঠিত কৰে পদযাত্ৰা

নগাঁও, 7 ছেপ্টেম্বৰ : ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে নগাঁৱত কংগ্ৰেছে অনুষ্ঠিত কৰে পদযাত্ৰা ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব পদযাত্ৰাৰ দ্বিতীয় কাৰ্যসূচী ৷ 2024 ত I.N.D.I.A ৰ নেতৃত্বত হ'ব চৰকাৰ ৷ এই মন্তব্য কংগ্ৰেছ নেতা মানস বৰাৰ ৷ পদযাত্ৰাত অংশগ্ৰহণ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰো ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কৰা "ভাৰত জোড়ো যাত্ৰা"ৰ প্ৰথম বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে বিয়লি 5 বজাত নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা এক বিশাল পদযাত্ৰা উলিয়াই নগাঁও জিলা কংগ্ৰেছে ৷ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপূৰ্তি উপলক্ষে নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা পদযাত্ৰাত অংশগ্ৰহণ কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ নেতা মানস বৰা, ববিতা শৰ্মাসহ কেইবাগৰাকী কংগ্ৰেছ নেতাই ৷

কংগ্ৰেছৰ পদযাত্ৰাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা সমালোচনা কৰে কংগ্ৰেছ নেতা মানস বৰাই ৷ আজিৰ পৰা এটা বছৰ পূৰ্বে নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰতক বিজেপিৰ অপশাসনৰ বিৰুদ্ধে একত্ৰিত কৰাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা মানস বৰাই ৷ মূল্যবৃদ্ধি, নিবনুৱাৰ সংস্থাপন আদি সমস্যাসমূহ দাঙি ধৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰাৰ কথা উল্লেখ কৰি পুনৰ পদযাত্ৰাৰ দ্বিতীয় কাৰ্য্যসূচী আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে মানস বৰাই ৷

উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দ্বিতীয় পৰ্যায়ৰ পদযাত্ৰা আৰম্ভ কৰিব বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতা মানস বৰাই ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পদযাত্ৰা আৰম্ভ কৰি অসম হৈ গুজৰাটলৈকে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে পদযাত্ৰা কৰিব বুলি মন্তব্য কৰে মানস বৰাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰিয়ে ৰাইজ একত্ৰিত হোৱাৰ কথা উল্লেখ কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত I.N.D.I.A ৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ গঠন হ'ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা মানস বৰাই ৷

লগতে পঢ়ক : Assam Electricity Crisis: উৎকট গৰমৰ মাজতে পুনৰ ৰাম টাঙোন মুখ্যমন্ত্ৰীৰ; বিদ্যুতৰ দাম বৃদ্ধিৰ যো-জাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.