ETV Bharat / state

কংগ্ৰেছ জয়ী হ'লে ৰাইজে কাজু-কিছমিছ খোৱাৰ সুবিধা পাব: গৌৰৱ গগৈ

author img

By

Published : Mar 9, 2021, 8:12 PM IST

মঙলবাৰে গৌৰৱ গগৈৰ সৈতে মনোনয়ন দাখিল কৰে প্ৰশান্ত কুমাৰ শইকীয়াই ৷ সহস্ৰাধিক সমৰ্থকৰ সৈতে পদব্ৰজে বৃহৎ শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰশান্ত শইকীয়াই ৷

অন্তিম দিনা গৌৰৱ গগৈৰ সৈতে মনোনয়ন দাখিল প্ৰশান্ত কুমাৰ শইকীয়াৰ

কলিয়াবৰ,9 মাৰ্চ: ৰাজ‍্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ আজি অন্তিম দিন ৷ আজি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক লগত লৈ সহস্ৰাধিক সমৰ্থকৰে পদব্ৰজে বৃহৎ শোভাযাত্ৰাৰে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰশান্ত শইকীয়াই ৷

আগন্তুক সময়ছোৱাত কলিয়াবৰৰ সামগ্ৰিক উন্নয়ন আগত ৰাখি নিৰ্বাচনী যাত্ৰা সফল হ'ব বুলি আত্মবিশ্বাসী প্ৰশান্ত শইকীয়া ৷ কলিয়াবৰৰ বিভিন্ন স্থানৰ জনতাই স্বতঃস্ফূৰ্তভাৱে ওলাই অহা কথাটোৱে তাকেই প্ৰতীয়মান কৰিছে বুলি মন্তব‍্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

কলিয়াবৰৰ অগপ বিধায়ক কেশৱ মহন্তক পৰাজিত কৰি সুদীৰ্ঘ 25 বছৰীয়া বন্ধ‍্যাত্বৰ অৱসান ঘটিব বুলি কংগ্ৰেছ দলীয় নেতা-কৰ্মী-সমৰ্থকৰ মাজত দেখা গৈছে বিপুল উৎসাহ ৷

কলিয়াবৰত কাজু-কিচমিছ খাই থকা এটা পৰিয়ালক উৎখাতৰ বাবে এই যুঁজ চলা বুলি তাৎপৰ্য‍্যপূৰ্ণ মন্তব‍্য কৰে গৌৰৱ গগৈয়ে ৷ সমৰ্থক ৰাইজৰ উৎসাহত যথেষ্ট আশাবাদী বুলি মন্তব‍্য কৰাৰ লগতে বিজেপি নেতৃত্বৰ বৰ্তমানৰ চৰকাৰখনৰ অপশাসনৰ উচিত প্ৰত‍্যুত্তৰ দিব বুলি জনাই গৌৰৱ গগৈয়ে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হ'লে কলিয়াবৰীয়া ৰাইজে কাজু-কিচমিছ খোৱাৰ সুবিধা পাব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: বিশাল সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিল মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.