ETV Bharat / state

Eviction at Batadrava: বটদ্ৰৱাৰ উচ্ছেদিতক লৈ ৰাজনৈতিক দলৰ মুনাফা আদায়ৰ অঘোষিত প্ৰতিযোগিতা !

author img

By

Published : Dec 21, 2022, 7:58 PM IST

বটদ্ৰৱাত ৭২ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ (Eviction at Batadrava)৷ চৰকাৰৰ বিৰুদ্ধে সৰৱ আমছু ৷ কংগ্ৰেছৰ বিৰুদ্ধে ঘৰিয়ালৰ চকু পানী টুকাৰ অভিযোগ ৷ উচ্ছেদিতক লৈ ৰাজনীতি কৰাৰ অভিযোগ এ আই ইউ ডি এফৰ বিৰুদ্ধে ৷

Eviction at Batadrava
বটদ্ৰৱাৰ উচ্ছেদিত স্থানত কংগ্ৰেছ-এ আই ইউ ডি এফ

নগাঁও, 21 ডিচেম্বৰ : গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ চৰকাৰী ভূমিৰ পৰা উচ্ছেদ(Eviction at Batadrava) কৰা অসহায় পৰিয়ালক লৈ যেন এতিয়া ৰাজনীতিৰ পাশাখেল আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে । এফালে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোক হোৱা বাবেই উচ্ছেদ কৰা বুলি শাসকীয় পক্ষৰ একাংশই মন্তব্য কৰাৰ বিপৰীতে উচ্ছেদিত লোকৰ প্ৰতি তথাকথিত দৰদ দেখুৱাই সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থন আদায় কৰাৰ যেন আন এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ।

একেৰাহে পোন্ধৰ বছৰ কাল অসমৰ ক্ষমতা দখল কৰি থকা কংগ্ৰেছৰ দিনতে বটদ্ৰৱাৰ বিভিন্ন অঞ্চলৰ চৰকাৰী ভূমিত আশ্ৰয় লৈছিল একাংশ গৃহহীন পৰিয়ালে । কিন্তু কংগ্ৰেছৰ শাসনকালত সংখ্যালঘুসকলক প্ৰতিনিধিত্ব কৰি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীৰ আসন লাভ কৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Congress leader Rakibul Hussain) অথবা নজৰুল ইছলামেও(Ex minister Nazrul Islam) কোনোদিনে গৃহহীন লোকৰ সংস্থাপনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু ভূমিহীন লোকক পোন্ধৰ বছৰে ভূমিৰ পট্টা দিবলৈ সক্ষম নোহোৱা কংগ্ৰেছ নেতৃত্ব এতিয়া সংখ্যালঘুৰ সমৰ্থন আদায়ৰ স্বাৰ্থত দৌৰি ঢাপলি থিয় দিছে উচ্ছেদিতৰ কাষত ।

সোমবাৰে নগাঁও জিলা প্ৰশাসনে বটদ্ৰৱাৰ চৰকাৰী ভূমিত উচ্ছেদ চলোৱাৰ পিছত মঙলবাৰে উচ্ছেদিতৰ কাষত উপস্থিত হয় ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁজাতি দলৰ লগতে এ আই ইউ ডি এফৰ আন এটি সঁজাতি দল (Congress delegates visit Batadrava)। বিৰোধী কংগ্ৰেছে এতিয়া উচ্ছেদিত লোকৰ কাষত থিয় হৈ ঘৰিয়ালৰ চকুপানী টুকাৰ অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ।

কেৱল কংগ্ৰেছেই নহয়, নিজকে সংখ্যালঘূৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ বিৰুদ্ধেও উচ্ছেদিতসকলক লৈ ৰাজনীতি কৰাৰ অভিযোগ আমছুৰ । ইপিনে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ গৃহহীন বহু পৰিয়ালক উচ্ছেদ কৰাক লৈ শাসকীয় চৰকাৰৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিছে সংখ্যালঘু ছাত্ৰ ইউনিয়ন (All Assam Minority Students Union)।

উল্লেখযোগ্য যে, বটদ্ৰৱাৰ উচ্ছেদিত লোকক লৈ ৰাজনৈতিক নেতাই কৰি আছে ৰাজনীতি৷ আনফালে মুকলি আকাশৰ তলত বিনিদ্ৰ ৰজনী কটাইছে উচ্ছেদিত একাংশ গৃহহীন পৰিয়ালে । এতিয়া এইসকল লোকৰ সংস্থাপন ব্যৱস্থা কৰিব কোনে ?

লগতে পঢ়ক: AAGSU Protest : বিটিআৰত মাটিৰ অধিকাৰৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ গণ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.