ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে নগাঁৱত স্থাপন কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা - foundation stone

নগাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা ৷ ৰাজ্যৰ নগৰ অঞ্চলত ৭৪৯.৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ত নিৰ্মাণ হ’বলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ উক্ত গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

CM Sarbananda Sonowal on foundation stone programme nagaon assam etv bharat news
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা স্থাপন
author img

By

Published : Jul 27, 2020, 4:18 PM IST

নগাঁও,27 জুলাই: সোমবাৰে নগাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা ৷ ৰাজ্যৰ নগৰ অঞ্চলত ৭৪৯.৫২ কোটি টকাৰ ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ত নিৰ্মাণ হ’বলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ উক্ত গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে । চহৰখনৰ চকীটুপত আয়োজিত উক্ত কাৰ্যসূচীৰ পিছতে খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত গৃহ নিৰ্মাণৰ চেক বিতৰণী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ সৈতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধাৰশিলা স্থাপন

ইপিনে অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়ত অসম্পূৰ্ণ হৈ ৰোৱা 2 লাখ 84 হাজাৰ টকাৰ ব্যয় সাপেক্ষে গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে ৷ তদুপৰি পৰৱৰ্তী এপ্ৰিল মাহৰ ভিতৰত নগৰ অঞ্চলত প্ৰায় 25 হাজাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে । অসমৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে কৰ’ণা ভাইৰাছ, বান আদি কেইবাটাও দুৰ্যোগৰ মুখামুখি হোৱাৰ পিছতো মনোবল দেখুওৱাৰ প্ৰতি শলাগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে চাওকঃ মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.