নগাঁও,19 অক্টোবৰ : সোমবাৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ শালপাৰাত অনুষ্ঠিত হোৱা এক দলীয় সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । উক্ত সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও অংশগ্ৰহণ কৰে ।
সভাত অংশগ্ৰহণ কৰি সংখ্যালঘুৰ উন্নয়ন সন্দৰ্ভত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী সোণোৱালে ৷ বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে ধৰ্মীয় সংখ্যালঘুসকলক কেৱল ক্ষমতা দখলৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা বুলি মন্তব্য কৰি বিজেপি চৰকাৰে সকলোৰে সমউন্নয়ন কৰাৰ কথা উল্লেখ কৰে ।
কংগ্ৰেছ চৰকাৰে সকলোকে বঞ্চিত কৰি সকলোৰে প্ৰাপ্য আত্মসাৎ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছ দলক স্থায়ীভাৱে বৰ্জন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ৷
লগতে পঢ়ক : জনা-নজনা: এই চহৰত মৃত্যু হোৱাৰ অনুমতি নাই কোনো লোকৰ