ETV Bharat / state

অনলাইন কবিতা লিখা প্ৰতিযোগিতালৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি - অকণিৰ সাহিত‍্য সভা‌

শিশু সাহিত‍্য সম্ভাৰত নতুন ৰচনা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা নাই,বৰঞ্চ লক্ষণীয়ভাৱে অভাৱ ঘটিছে। সেই অভাৱ পূৰণৰ বাবে মাজে-মধ‍্যে শিশুৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰচেষ্টা অব‍্যাহত ৰাখিছে। তেনে দুটি অনুষ্ঠান হৈছে অকণিৰ সাহিত‍্য সভা‌ আৰু ক্ৰান্তিকাল প্ৰকাশন।

Children poem writing compition during lock down
অনলাইন কবিতা লিখা প্ৰতিযোগিতালৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি
author img

By

Published : Jun 27, 2020, 1:11 PM IST

কলিয়াবৰ, 27 জুনঃ সম্ভৱত মহাপুৰুষ শ্ৰীমাধৱদেৱ অসমীয়া শিশু সাহিত‍্যৰ জনক। পৰৱৰ্তী সময়ত বিভিন্ন পৰিক্ৰমাৰ মাজেদি অসমীয়া শিশু সাহিত‍্যই এক সন্মানজনক অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সাহিত‍্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই "বুঢ়ীআইৰ সাধু"ৰে আৰম্ভ কৰা আধুনিক শিশু সাহিত্যৰ ধাৰাটোক বৰ্তমান সময়লৈ কেইবাজনো লেখকে অসমীয়া শিশু আলোচনীৰ জৰিয়তে শিশুসকলক সাহিত‍্যৰ সোৱাদ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে যদিও শিশুসকলৰ জটিল মনোজগতৰ লগত খাপ-খোৱাই শিশু সাহিত‍্য ৰচনা কৰাতো বৰ সহজ সাধ‍্য নহয়।

অনলাইন কবিতা লিখা প্ৰতিযোগিতালৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি

সেয়ে শিশু সাহিত‍্য সম্ভাৰত নতুন ৰচনা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা নাই,বৰঞ্চ লক্ষণীয়ভাৱে অভাৱ ঘটিছে। সেই অভাৱ পূৰণৰ বাবে মাজে-মধ‍্যে শিশুৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰচেষ্টা অব‍্যাহত ৰাখিছে। তেনে দুটি অনুষ্ঠান হৈছে অকণিৰ সাহিত‍্য সভা‌ আৰু ক্ৰান্তিকাল প্ৰকাশন।

লগতে পঢ়কঃ টীয়কত বাহনসহ গ্ৰেপ্তাৰ দুজনকৈ অভিযুক্ত গৰু চোৰ

এইবেলি লক​ ডাউনৰ জটিল সময়ছোৱাত দুয়োটা অনুষ্ঠান লগ হৈ আয়োজন কৰে এক শিশু কবিতা প্ৰতিযোগিতাৰ। লক ডাউনে যাতে সমাজৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ কৰিব নোৱাৰে,সেয়ে ফেচবুকৰ পৃষ্ঠাত পাঠ বা আবৃত্তি কৰিলে শুনি ভাল লগা অকণিৰ উপযোগী কবিতা"ৰ এই প্ৰতিযোগিতাখনৰ আয়োজন কৰে ৷ শিশুৰ এই কবিতা পাঠ প্ৰতিযোগিতাক অভূতপূৰ্ব সঁহাৰি দিছে আয়োজকে। এই প্ৰতিযোগিতাত অসম তথা বহিঃৰাজ‍্যৰ মুঠ ১৯৭ গৰাকী কবিয়ে অংশগ্ৰহণ কৰে।

অংশগ্ৰহণকাৰী কবিৰ কবিতাৰ সংখ‍্যা হ'ল ৫২২। এই প্ৰতিযোগিতাত গগন চন্দ্ৰ অধিকাৰী, তোষপ্ৰভা কলিতা আৰু যুগললোচন দাসেও ফেচবুক পৃষ্ঠাত কবিতা লিখি প্ৰতিযোগীসকলক উৎসাহিত কৰে। উল্লেখযোগ‍্য যে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহগৰাকী কবিলৈ নগাঁৱৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশক ক্ৰান্তিকাল প্ৰকাশনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 'অকণিৰ সাহিত্য সভা'ৰ সহযোগত শিশু সাহিত্য সন্মান আগবঢ়াব। লগতে নিৰ্বাচিত এশ গৰাকী কবিৰ কবিতা একত্ৰে প্ৰকাশ কৰা হ'ব।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.