ETV Bharat / state

সৰিয়হৰ ডুলিতে ভুত ! ADC ৰ ঘৰত নিয়োজিত শিশু শ্ৰমিক

author img

By

Published : Sep 6, 2021, 10:35 AM IST

Updated : Sep 6, 2021, 9:25 PM IST

কিমান সুৰক্ষিত আমাৰ দেশৰ শিশু ৷ কিয়নো আইন সৃষ্টিকৰ্তা খোদ প্ৰশাসনিক বিষয়াৰ বাসগৃহত উদ্ধাৰ হৈছে শিশু শ্ৰমিক(Child Labour) ৷ সুৰক্ষা দিয়াৰ বিপৰীতে শিশুসকলক শ্ৰমিক হিচাপেহে ব্যৱহাৰ কৰি আছে একাংশ মুখা পিন্ধা উচ্চ পৰ্যায়ৰ লোকে ৷ শেহতীয়াকৈ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বাসগৃহত উদ্ধাৰ হৈছে এটি শিশু শ্ৰমিক ৷ চাওক এই বিশেষ প্ৰতিবেদন...

child-labour-rescued-from-additional-deputy-commissioner-house
অতিৰিক্ত উপায়ুক্তৰ বাসগৃহত উদ্ধাৰ শিশু শ্ৰমিক

নগাঁও, 6 ছেপ্তেম্বৰ : যি সময়ত শিশু শ্ৰমিক(Child Labour) ৰোধ কৰিবলৈ চৰকাৰে শিশু শ্ৰমিক আইনৰ(Child Labour Act) লগতে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিছে, তেনে সময়তে খোদ প্ৰশাসকৰ বাসগৃহতে এনে অনৈতিক কাৰ্য সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ একাংশ মুখা পিন্ধা লোকৰ ঘৰতেই তেওঁলোকে দৰিদ্ৰ শিশুসকলক ৰাখিছে শ্ৰমিক হিচাপে ৷

শেহতীয়াকৈ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটি শিশু শ্ৰমিক ৷ নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত শান্তনা বৰাৰ(Santana Borah) বাসগৃহৰ পৰা উদ্ধাৰ হৈছে শিশু শ্ৰমিকটো ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ এগৰাকী লোকৰ দুই কন্যা শিশুক অতিৰিক্ত উপায়ুক্তগৰাকীৰ লগতে তেওঁৰ এগৰাকী আত্মীয়ৰ ঘৰত শ্ৰমিক হিচাপে ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

কিন্তু দীৰ্ঘদিন ধৰি দুই কন্যাক পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰিব নিদিয়াত পৰিয়ালৰ লোক উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে । ইয়াৰ পাচতে বেবেজীয়াত থকা আত্মীয়ৰ ঘৰৰ পৰা জিলা উপায়ুক্ত কবিতা পদ্মনাভনৰ(Kavitha Padmanabhan) নিৰ্দেশমৰ্মে অভিযান আৰম্ভ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: চাইল্ড লাইন গোল্ডৰ অভিযান ; সাতগাঁৱত উদ্ধাৰ ৬ গৰাকী শিশু শ্ৰমিক

আৰক্ষীৰ চাইল্ড লাইনৰ এটা দলে অভিযান চলাই এটি শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে নগাঁৱৰ ডিমৰুগুৰিস্থিত অতিৰিক্ত উপায়ুক্ত শান্তনা বৰাৰ বাসগৃহৰ পৰাও দ্বিতীয়টো শিশু উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ইফালে শিশু শ্ৰমিক উদ্ধাৰক লৈ কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰশাসনিক বিষয়াগৰাকীৰ আত্মীয়ই । শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ যোৱা চাইল্ড লাইনৰ লোকক দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰো ম’বাইল ফোন কাঢ়ি নিয়া বুলি জানিব পৰা গৈছে ৷

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ । শিশুসকলক সু-নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম । কিন্তু দৰিদ্ৰতাৰ অভিশাপত একাংশ পৰিয়ালৰ কণ কণ শিশুয়ে পখিলা খেদা বয়সতে নিজৰ শৈশৱ পাৰ কৰিব লগা হয় কোনো হোটেল, ৰেষ্টুৰেণ্ট, দোকান-পোহাৰত শিশু শ্ৰমিক হিচাপে । এগৰাকী প্ৰশাসনিক বিষয়াৰ ঘৰতেই শিশু শ্ৰমিক ৰখা ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত ৷

লগতে পঢ়ক: পুনৰ পোহৰলৈ আহিছে বন কৰা শিশু নিৰ্যাতনৰ ঘটনা

Last Updated : Sep 6, 2021, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.