ETV Bharat / state

Child Death at Kaliabor: চিকিৎসকৰ গাফিলতিৰ বাবে চাৰি বছৰীয়া শিশুৰ মৃত্যু

author img

By

Published : Aug 7, 2022, 1:21 PM IST

কলিয়াবৰত চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে চাৰি বছৰীয়া কণমানিয়ে (Child Death at Kaliabor) ৷ হাস্পতালখনৰ দায়িত্বত থকা চিকিৎসকজনৰ বদলিৰ দাবীৰ শিশুটোৰ পৰিয়ালবৰ্গৰ ৷

Child Death at Kaliabor
চিকিৎসকৰ গাফিলতিৰ বাবে চাৰি বছৰীয়া শিশুৰ মৃত্যু

কলিয়াবৰ, 7 আগষ্ট: কলিয়াবৰত এটি চাৰিবছৰীয়া কণমানিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যুক সাৱটিলে কণমানিটোৱে ৷ কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

কেলিডেন চাহ বাগিচাৰ ১ নং লাইনৰ গুৰিয়া তাঁতীৰ চাৰি বছৰীয়া সন্তানটোক তিনি মাহ পূৰ্বে পথৰ দাঁতিত কুকুৰে কামুৰিছিল ৷ লগে লগে পৰিয়ালৰ লোকে কণমানিটোক চাহ বাগিচাৰ হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে টি টি বেজী এটা দিয়েই শিশুটোক ঘৰলৈ পঠিয়াই দিয়ে ৷

তিনি মাহৰ পিছত শিশুটোৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত শিশুটোক বাগিচাখনৰ চিকিৎসালয়খনলৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে জখলাবন্ধা অসমাৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ শিশুটোৰ অৱস্থা গুৰুতৰ হোৱাত নগাঁৱলৈ লৈ অহাৰ পথতে মৃত্যু হয় শিশুটোৰ ৷ উপায়ন্তৰ হৈ শিশুটোৰ মৃতদেহটো নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ আহে ৷

কিন্তু নিশাৰ ভাগত নাৰ্ছিং হোমখনত কোনো চিকিৎসক নথকাত উত্তপ্ত হৈ পৰে শিশুটোৰ আত্মীয়সকল ৷ ইফালে উত্তপ্ত ৰাইজে বাগিচাখনৰ চিকিৎসকৰ হেমাহিৰ বাবেই শিশুটোৰ মৃত্যু হোৱা বলি দাবী উত্থাপন কৰে স্থানীয় লোকে ৷ চাহ বাগিচাখনৰ হাস্পতালৰ দায়িত্বত থকা চিকিৎসকজনৰ বদলিৰ দাবীৰ লগতে ন্যায় বিচাৰি শোকত ভাগি পৰে শিশুটোৰ পৰিয়ালবৰ্গ (Parents demand justice) ৷

লগতে পঢ়ক: Death body recovered in Jorhat: যোৰহাটত মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.