ETV Bharat / state

জুৰীয়াত পানীত পৰি মৃত্যুক সাৱটি লয় তিনিবছৰীয়া শিশুৱে

author img

By

Published : Feb 15, 2021, 5:29 PM IST

সোমবাৰে ৰূপহীহাটৰ জুৰীয়াত পানীত পৰি এটি তিনিবছৰীয়া শিশুৰ মৃত্যু হয় ৷ মোমায়েকৰ ঘৰত আন এটি দুবছৰীয়া কণমাণিৰ সৈতে খেলি থকা অৱস্থাতে পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ ৷

juria child death
জুৰীয়াত শিশুৰ মৃত্যু

ৰূপহীহাট,15 ফেব্ৰুৱাৰী : ৰূপহীহাটৰ জুৰীয়াত সোমবাৰে পানীত পৰি মৃত্যু হয় এটি তিনিবছৰীয়া শিশুৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ফাজিয়া আফ্ৰিন নামৰ এটি তিনিবছৰীয়া শিশুৱে নিজ দলনিৰ জুৰীয়া গাঁৱৰ মোমায়েকৰ ঘৰত আন এটি দুবছৰীয়া কণমাণিৰ সৈতে খেলি থকা অৱস্থাতে দুয়ো পুখুৰীত পৰে ৷

juria child death
জুৰীয়াত শিশুৰ মৃত্যু

ঘটনাৰ উমান পাই পৰিয়ালৰ লোকে কণমানি দুটিক পুখুৰীৰ পৰা তুলি আনে আৰু ততাতৈয়াকৈ জুৰীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ছাছিয়া খানম নামৰ শিশুটিৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ফাজিয়া আফ্ৰিন নামৰ কণমানিটো মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

লগতে পঢ়ক : নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.