ETV Bharat / state

দেহৰ অংগ বিক্ৰীৰে আৰ্থিক অভাৱ পূৰণৰ চেষ্টা কৰিছে চৰাঞ্চলৰ লোকে

author img

By

Published : Jul 19, 2021, 9:44 PM IST

আৰ্থিক সংকটে জুৰুলা ৰাজ্যৰ চৰ অঞ্চলৰ লোকসকলে এতিয়া দেহৰ অংগ বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ এফালে আৰ্থিক অভাৱ-অনাটন, আনফালে নিৰক্ষৰতাৰ হাৰ বৃদ্ধি ৷ চৰকাৰে ৰাজ্যত সংঘটিত কিডনী বিক্ৰীৰ ঘটনাটো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে ৷

char areas people sells kidney for money to escape poverty
দেহৰ অংগ বিক্ৰীৰে আৰ্থিক অভাৱ পূৰণৰ চেষ্টা কৰিছে চৰাঞ্চলৰ লোকে !

চামগুৰি, 19 জুলাই : অৰ্থনৈতিক সংকটৰ বাবে চৰ অঞ্চলৰ লোকে কিডনী বিক্ৰী কৰিবলগীয়া হোৱা বিষয়টো আজিj দিনত একেবাৰে দুৰ্ভাগ্যজনক ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দেশৰ বিশেষ পাঁচখন ৰাজ্যৰ মাজলৈ নিয়াৰ সপোন দেখিছে ৷ বিজেপি চৰকাৰৰ দিনত অসমত উন্নয়নৰ ঢৌ সৃষ্টি হোৱা বুলিও বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ৷

ঠিক একে সময়তে, যোৱা 16 জুলাইত বিধানসভাৰ মজিয়াত 2021-22 বৰ্ষৰ বাজেট দাখিল কৰা হ'ল ৷ বাজেট দাখিল কৰাৰ পাচত বিজেপি চৰকাৰে 2016 চনৰ পৰাই জনমুখী আঁচনি গ্ৰহণ কৰি অহা কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে আশ্বৰ্যজনকভাৱে ৰাজ্যৰ চৰ অঞ্চলৰ একাংশ দৰিদ্ৰ শ্ৰেণীৰ লোকে আৰ্থিক অভাৱত দেহৰ অংগ বিক্ৰী কৰিবলৈ বাধ্য হোৱা ঘটনাই কিন্তু ৰাজ্যৰ বিধস্ত অৰ্থনীতিৰ স্বৰূপ উদঙাই দিছে ৷

ৰাজ্যখনত শেহতীয়াকৈ প্ৰকাশ পোৱা কিডনী বিক্ৰীৰ ঘটনাৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদনক অৰূপ কুমাৰ মহন্তই ।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কিডনী বিক্ৰীৰ বিষয়টো বৰ্তমানৰ ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে মহন্তই ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক মহন্তই কিডনী বিক্ৰীৰ বিষয়টো চলিত বিধানসভাৰ অধিৱেশনত আলোচনা কৰিবলৈ দাবী জনায় ৷ মহন্তই সাংবাদিকলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয়, কিডনী বিক্ৰীৰ বিষয়টো চৰকাৰে আইনী প্ৰক্ৰিয়াৰে অনুসন্ধান কৰিব লাগে ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি মানৱ অংগৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ ৰাজ্যৰ বহু ঠাইত সক্ৰিয় হৈ আছে ৷

বৰ্তমান সময়ত মানুহৰ জীৱন-জীৱিকাৰ বিষয়ৰ বিপৰীতে অন্য প্ৰসংগই ৰাজ্যত অধিক গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ চৰ অঞ্চলৰ লোকসকলে অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে বৰ্তমান সময়ত হাহাকাৰ কৰিবলগীয়া হৈছে ৷ বিশেষকৈ আৰ্থিক সংকটে অধিক জুৰুলা কৰিছে চৰ অঞ্চলৰ লোকসকলক ৷ যাৰ সুবিধা গ্ৰহণ কৰি উক্ত অঞ্চলসমূহত মানৱ অংগ ব্যৱসায়ীৰ দৰে অন্য ক’লা ব্যৱসায়ীসকল অধিক সক্ৰিয়া হৈ পৰিছে বুলি অৰূপ কুমাৰ মহন্তই প্ৰকাশ কৰে ৷

কিডনী বিক্ৰী কৰা প্ৰতিজন লোকক চৰকাৰে এককালীন দহ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অসম গ্ৰামীণ শ্ৰমিক সন্থা অসমৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ দৰিদ্ৰতাই কোঙা কৰা ৰাজ্যৰ চৰ অঞ্চলৰ লোকসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ অধিক ৷ সেই লোকসকলক কিছু সকাহ দিবৰ বাবে মাহেকীয়া বিশেষ বৃত্তি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷

লগতে পঢ়ক: ব'লব'ম যাত্ৰাৰ শুভ ক্ষণত উকা হৈ ৰৈছে শিৱদৌল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.