ETV Bharat / state

Junmoni Rabha death: অতি সোনকালে এটা ভালখবৰ পাব বুলি আশাবাদী জোনমণিৰ পৰিয়াল - CBI team in Nagaon

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াইছে DIG লাভলী কাটিয়াৰৰ নেতৃত্বত CBI ৰ দলে । আৰক্ষী বিষয়া মনোজ ৰাজবংশী, ৰাজা ইৰ্শ্বাদ আৰু আভাজ্যোতি ৰাভাক পুনৰ জেৰা CBI ৰ । দ্বিতীয় দিনাও CBI ৰ তীব্ৰ প্ৰশ্নবাণৰ সন্মুখীন তিনি অভিযুক্ত আৰক্ষী বিষয়া । জেৰাৰ সন্মুখীন আৰক্ষীৰ গাড়ী চালক অনিল ভূঞা । মৰিকলং আৰক্ষী চকীৰ আৰক্ষীকো তলব CBI ৰ ।

SI Junmoni Rabha death case
Junmoni Rabha death
author img

By

Published : Jun 19, 2023, 8:21 PM IST

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

নগাঁও, 19 জুন: CBI ৰ DIG লাভলী কাটিয়াৰৰ তদন্তই কঁপনি বহুকেইগৰাকী আৰক্ষীৰ । ৰাজ্য কঁপোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে লাভলী কাটিয়াৰৰ নেতৃত্বৰ CBIৰ দলে । APS লীনা দলেয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা ৷ SI জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খোৱা মুঠ চাৰিটাকৈ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে CBIৰ দলটোৱে ।

নগাঁও আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰখা CBIৰ দলৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে নগাঁও সদৰ আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা আৰু ধিং আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ ।

দেওবাৰে এই তিনিগৰাকী আৰক্ষী বিষয়াক CBIৰ দলে জেৰা কৰাৰ পিছত সোমবাৰে পুনৰ তলব কৰে তিনিওকে । সোমবাৰে পুৱাৰ পৰাই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খোৱা আৰক্ষী বিষয়া মনোজ ৰাজবংশী, অভাজ্যোতি ৰাভা আৰু ৰাজা ইৰ্শ্বাদক মাৰাথন জেৰা চলায় CBIৰ দলটোৱে ।

লগতে পঢ়ক: Junmoni Rabha death case updates: মনোজ, আভাজ্যোতি আৰু ৰাজাৰ পিচতে CBI ৰ জেৰাৰ সন্মুখীন হ’ব পাৰে লীনা দলে !

উল্লেখযোগ্য যে, প্ৰয়াত SI জোনমণি ৰাভাৰ মাতৃৰ অভিযোগৰ ভিত্তিত তিনিওগৰাকী আৰক্ষী বিষয়াক জেৰা চলাইছে CBIৰ দলটোৱে । ইপিনে SI জোনমণি ৰাভাৰ মৃত্যুক লৈ এটা বিস্ফোৰক ফোন ৰেকৰ্ডিং ভাইৰেল হোৱা নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক অনিল ভূঞাকো সোমবাৰে দ্বিতীয় বাৰলৈ জেৰা চলায় CBIৰ দলে । সমান্তৰালকৈ সোমবাৰে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ বৰুৱাকো সোধ পোচ কৰে CBIৰ দলে । ইয়াৰ লগতে মৰিকলং আৰক্ষী চকীৰ কম্পিউটাৰ পৰীক্ষা নিৰীক্ষা কৰে CBIৰ টেকনিকেল এক্সপাৰ্টৰ দলে ।

ইফালে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ পৰা বিৰত আছে জোনমণি ৰাভাৰ পৰিয়াল ৷ অৱশ্য়ে কম সময়তে এটা ভাল খবৰ পাব বুলি তেওঁলোক আশাবাদী । SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়া CBIৰ দলে কম সময়ৰ ভিতৰতে সকলো ৰহস্য ভেদ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.