ETV Bharat / state

SI Junmoni Rabha Death Case: নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক মাৰাথন জেৰা চিবিআইৰ

author img

By

Published : Jul 14, 2023, 10:03 AM IST

Updated : Jul 14, 2023, 10:34 AM IST

নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত নগাওঁ আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক পুনৰ জেৰা চি বি আইৰ । জোনমণি ৰাভাৰ মৃত্যুক লৈ ভাইৰেল হৈছিল নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক অনিল ভূঞাৰ এটা বিস্ফোৰক ফোন ৰেকৰ্ডিং । জোনমণি ৰাভাক আৰক্ষীয়ে হত্যা কৰাৰ কথা উল্লেখ আছিল ফোন ৰেকৰ্ডিংটোত ।

CBI investigation on junmoni rabha death
গাড়ী চালক অনিল ভূঞাক পুনৰ জেৰা চি বি আইৰ

নগাঁও, 14 জুলাই : নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ভেদ কৰিবলৈ নগাঁও আৱৰ্ত্ত ভৱনত চি বি আইৰ দলে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক পুনৰ জেৰা চলায় চি বি আইৰ দলে । বৃহস্পতিবাৰে বিয়লি নগাঁও আৱৰ্ত্ত ভৱনলৈ তলব কৰি গাড়ী চালক অনিল ভূঞাক সন্ধিয়ালৈকে জেৰা চলাই চি বি আইৰ এটা দলে ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই জোনমণি ৰাভাৰ মৃত্যুক লৈ এটা বিস্ফোৰক আৰু চাঞ্চল্যকৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিল নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাৰ । ফোন ৰেকৰ্ডিঙটোত নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক অনিল ভূঞাই উল্লেখ কৰিছিল জোনমণি ৰাভাক হত্যা কৰাৰ কথা । বিষয়টো গুৰুত্বসহকাৰে লৈ অনিল ভূঞাক জেৰাৰ পিছত জেৰা অব্যাহত ৰাখিছে চি বি আয়ে । উল্লেখযোগ্য যে, বিগত 15 মে'ৰ নিশা এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাই ।

অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ । জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত দাবী কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছিল প্ৰতিবাদ । লগে লগে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে । পৰৱৰ্তী সময়ত এছ আই জোনমণি ৰাভাৰ পৰিয়ালৰ লোকৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ।

সেইমৰ্মে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্ব এটা দল নগাঁৱত উপস্থিত হৈ আৰম্ভ কৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত । সমান্তৰালভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই পোহৰলৈ অহা আৰক্ষী আৰু নকল সোণ ব্যৱসায়ী মাজত থকা সম্পৰ্কৰ অভিযোগৰো তদন্ত আৰম্ভ কৰে চি বি আইৰ দলটোৱে । দলটো লক্ষীমপুৰত উপস্থিত হৈ তদন্ত কৰাৰ লগতে অভিযুক্ত কেইবাগৰাকী আৰক্ষী বিষয়াকো জেৰা কৰে চি বি আইৰ দলে । নগাঁও আৱৰ্ত্ত ভৱনত বাহৰ পাতি থকা 12 জনীয়া চিবিআইৰ দলে অব্যাহত ৰাখিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ।

লগতে পঢ়ক : PM Awas Yojana in Rangia: 2,173 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদান

Last Updated : Jul 14, 2023, 10:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.