টোনগাঁও, 3 ডিচেম্বৰ: অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বুধবাৰে নিশা নগাঁৱৰ বৰঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পুনৰ গৰুভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । নিশা হোজাইৰ জিলাৰ লংকা ন খুটিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত গৰুভৰ্তি বলেৰ' পিকআপ ভানখন আৰক্ষীৰ এটা দলে জব্দ কৰে ।
![বৰঘাট আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:02:22:1606984342_as-ngn-01-3dec-cattle-smuggling-visbite-7203829_03122020104209_0312f_00363_492.jpg)
নীতি-নিয়ম ভংগ কৰি AS-02 BC-4190 নম্বৰৰ বাহনখনৰে ৯ টাকৈ গৰু সৰবৰাহ কৰাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজনকৈ লোকক আটক কৰিবলৈয়ো সক্ষম হয় । আটকাধীন লোক কেইজন ক্ৰমে আব্দুল আজিজ, উমৰ ফাৰুক আৰু বিল্লাল উদ্দিন বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, কোনো দালাল চক্ৰই নগাঁৱত গৰু সৰবৰাহৰ নামত চিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ