ETV Bharat / state

ৰহা আৰক্ষীৰ জালত চোৰাং গৰু সৰৱৰাহকাৰী - Cattle smuggling in Assam

আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা । ইয়াৰ মাজতে ৰহাত আটক সৰৱৰাহকাৰীক । ২৪ টা গৰু উদ্ধাৰ (Cattle smuggling at Raha)।

raha
ৰহা আৰক্ষীৰ জালত চোৰাং গৰু সৰৱৰাহকাৰী
author img

By

Published : Jun 25, 2022, 1:44 PM IST

ৰহা,২৫জুন: বান বিভীষিকাৰ মাজতে ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা (Cattle smuggling in Assam)। ৰাজ্য়ৰ সৰ্বত্ৰে চোৰাং বেহাৰ সমান্তৰাল ভাৱে চলি আছে গো-ধনৰ অবৈধ সৰৱৰাহ। প্ৰশাসনৰ অগোচৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়াও চোৰাং ভাবে ৰাষ্ট্ৰীয় পথেৰে নিশা সৰৱৰাহ হৈ আহিছে এই গৰুসমূহ । ইয়াৰ মাজতে শনিবাৰে পুৱা এইদৰে চোৰাং ভাবে সৰৱৰাহ কৰা ২৪ টা গৰু ৰহাত আৰক্ষীয়ে উদ্ধাৰ কৰে ।

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত নগাওঁ জিলাৰ ৰহা থানাৰ আৰক্ষীৰ এটা দলে শনিবাৰে পুৱা ৰহা টোল প্লাজাৰ সমীপত এই গৰুকেইটা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে (Raha Toll Plaza)। আৰক্ষীয়ে বোকাখাটৰ পৰা যোৰাবাট অভিমুখী MN O1 9611 নম্বৰৰ এখন ট্ৰাকত অবৈধভাবে কঢ়িয়াই অনা 24 টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে এই ঘটনাৰে জড়িত মণিপুৰৰ কাকচিং জিলাৰ মহম্মদ ৰাকিশ নামৰ এজন সৰৱৰাহকাৰীক আটক কৰিছে (One man detained at Raha)।

লগতে পঢ়ক: Rape in Biswanath: বিশ্বনাথত ৰঙাঘৰৰ আলহী কিশোৰী ধৰ্ষণত অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.