ETV Bharat / state

অনা অসমীয়াৰ গুন্দাৰাজ: সময়মতে ধন ঘূৰাই দিব নোৱাৰাৰ বাবে প্ৰহাৰ খিলঞ্জীয়া যুৱকক

author img

By

Published : Jun 9, 2022, 8:17 PM IST

নগাঁৱত উদণ্ড যুৱকৰ এটা দলে আক্ৰমণ কৰে এজন যুৱ ব্যৱসায়িক (Man accused of beating businessman in Nagaon) । সামাজিক মাধ্যমত ভাইৰেল আক্ৰমণৰ ভিডিঅ’ । আক্ৰমণকাৰীক সকীয়নি বীৰ লাচিত সেনাৰ ৷

Man accused of beating businessman in Nagaon
অনা অসমীয়াৰ গুন্দাৰাজ

নগাঁও, 9 জুন : সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা CCTV কেমেৰাৰ ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত ৷ চলিত মাহৰ 6 তাৰিখে নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত এখন দোকানৰ ভিতৰৰ পৰা উলিয়াই আনি উদণ্ড যুৱকৰ এটা দলে প্ৰহাৰ কৰে এজন যুৱ ব্যৱসায়ীক ৷ সমগ্ৰ দৃশ্য বন্দী হৈছিল CCTV ৰ কেমেৰাত ৷

অভিযোগ অনুসৰি, মন্টু দাস নামৰ এগৰাকী যুৱ ব্যৱসায়ীক মুৰটাজা আজাদ নামৰ আন এজন লোকৰ নেতৃত্বত অহা গুণ্ডাবাহিনীৰ এটা দলে পত্নীৰ সন্মুখতে প্ৰহাৰ কৰে ৷ এজন অনা অসমীয়া ব্যৱসায়ীয়ে বাকীৰ ধন সময়মতে দিব নোৱাৰাৰ বাবেই গুণ্ডাবাহিনী লগাই এনেদৰে যুৱ ব্যৱসায়ীজনক মাৰপিট কৰা অভিযোগ উত্থাপন হৈছে (Man accused of beating businessman in Nagaon) ।

অনা অসমীয়াৰ গুন্দাৰাজ

ইতিমধ্যে ইটাচালী আৰক্ষী চকীত এই ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এক গোচৰ ৷ এই গোচৰৰ আধাৰতে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু সামাজিক মাধ্যমত অনা অসমীয়া ব্যৱসায়ীয়ে গুণ্ডাবাহিনী লগাই এজন অসমীয়া যুৱ ব্যৱসায়ীক মাৰপিট কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নগাঁও চহৰতে ৷

দুনাই যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে আক্ৰমণকাৰীক এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে ৷ নহ’লে থলুৱা অসমীয়াৰ ন্যায় স্বাৰ্থত ৰাজপথলৈ আহিবলৈ বাধ্য হ’ব বীৰ লাচিত সেনা ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ এগৰাকী সদস্যই ৷

লগতে পঢ়ক : PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত AAP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.