বঢ়মপুৰ,13 জানুৱাৰী : ভোগালীৰ বিহুৰ উৰুকাৰ পুৱাই কামপুৰ চিউগুৰিত সংঘটিত হ'ল অঘটন ৷ দুৰ্বৃত্তই অগ্নি সংযোগ কৰিলে বাসগৃহত ৷ ভূমি বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হ'ল আব্দুল লতিফৰ বাসগৃহ ৷
উল্লেখযোগ্য যে, দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমি বিবাদ ৷ ইপিনে আব্দুল মতলেব, ইব্ৰাহিম আৰু চালাম নামৰ লোক কেইজনে বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ আব্দুল লতিফৰ ৷ আনহাতে অভিযুক্ত সকলৰ মতে আব্দুল লতিফে নিজেই জ্বলাই দিছে বাসগৃহ ৷ সম্প্ৰতি আব্দুল লতিফে কামপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়কঃ নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ