বঢ়মপুৰ, ২৭ জানুৱাৰী: অসমৰ পৰম্পৰাগত খেল ম'হ যুঁজ অনুষ্ঠিত কৰাক লৈ উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে যদিও ঠায়ে ঠায়ে অনানুষ্ঠানিক ভাৱে আয়োজন কৰা হৈছে ম'হ যুঁজ । নগাঁৱৰ বঢ়মপুৰৰ ৰঙাজান পথাৰত অনুষ্ঠিত কৰা হ'ল পৰম্পৰাগত ম'হ যুঁজ । ২২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজ অনুষ্ঠিত কৰিলে অঞ্চলটোৰ ৰাইজে । কেৱল পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে অনুষ্ঠিত কৰা হয় এই যুঁজ ।
এইবাৰ ম'হ যুঁজ ৪৪টা ম'হক যুঁজিবলৈ দিয়া হয় । লোক বিশ্বাস মতে, মাঘত ম'হৰ শিঙত সৃষ্টি হোৱা পোক যুঁজৰ সময়ত নাশ হয় । আন এক লোক বিশ্বাস অনুসৰি, এই সময়ত ম'হক যুঁজিবলৈ নিদিলে গৰাকীৰ ক্ষতি কৰাৰ সম্ভাৱনা বৃদ্ধি পায় ।
যি কি নহওক পৰম্পৰা ৰক্ষা কৰি ম'হ পালকসকলে নিজৰ নিজৰ ম'হ যুঁজৰ বাবে উলিয়াই আনে । আনহাতে, এই গোনা ম'হৰ যুঁজ চাবলৈ ওলাই আহিল অঞ্চলটোৰ আবাল বৃদ্ধ বণিতা ।