ETV Bharat / state

বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি সন্ধানহীন নগাঁৱৰ যুৱক

নিতুলক বেংগালুৰুলৈ গৈ থকা অৱস্থাত কোনো দুষ্ট চক্ৰই ট্ৰেইনৰ পৰা পেলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিতুলৰ পৰিয়ালৰ লোকে ৷

author img

By

Published : May 27, 2019, 11:00 AM IST

কৰ্মসংস্থাপন বিচাৰিবলৈ গৈ সন্ধানহীন নগাঁৱৰ যুৱক

বটদ্ৰৱা , 27 মে': পুনৰ বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি সন্ধানহীন হ'ল অসমৰ যুৱক ৷ কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈ নিৰুদ্দেশ হ’ল নগাঁৱৰ কাকমাৰিৰ বৰবৰিৰ এজন যুৱক ৷ নিৰুদ্দিষ্ট যুৱকজন নিতুল ডেকা বুলি জানিব পৰা গৈছে ৷

কৰ্মসংস্থাপন বিচাৰিবলৈ গৈ সন্ধানহীন নগাঁৱৰ যুৱক

পৰিয়াল পোহপালৰ বাবে বহি:ৰাজ্যলৈ গৈছিল নিতুল ৷ যোৱা 19 মে'ত নিতুলে তেওঁৰ তিনি বন্ধু দীপ জ্যোতি ডেকা, অক্ষয় জ্যোতি ডেকা আৰু ৰঞ্জিত ডেকাৰ সৈতে বেংগালুৰুত কাম কৰিবলৈ ওলাই গৈছিল ৷ সকলো ঠিকেই আছিল কিন্তু গুৱাহাটীৰ পৰা বেংগালুৰুলৈ গৈ থকা অৱস্থাত হঠাৎ নিতুলৰ তিনি বন্ধুয়ে নিতুল সন্ধানহীন বুলি নিতুলৰ পৰিয়ালৰ লোকক অৱগত কৰে ৷ নিতুলৰ বৃদ্ধা মাতৃয়ে অসহায় হৈ সন্ধানহীন পুত্ৰ সন্ধান বিচাৰি আৰক্ষী কাষ চাপে ৷ ইপিনে নিতুলৰ পৰিয়ালৰ লোকে, নিতুলক বেংগালুৰুলৈ গৈ থকা অৱস্থাত কোনো দুষ্ট চক্ৰই ট্ৰেইনৰ পৰা পেলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

Intro:বহিঃৰাজ্যৰ কৰ্মসংস্হাপন বিচাৰি পুনৰ সন্ধানহীন হল নগাঁও জিলাৰ কাকমাৰিৰ যুৱক । Body:কৰ্ম সংস্থাপনৰ বাবে বাংগালোৰলৈ গৈ নিৰুদ্দেশ হল নগাঁৱৰ কাকমাৰিৰ বৰবৰিৰ ৬নং ৱাৰ্ডৰ দূৰ্ভগীয়া পৰিয়ালৰ যুৱক নিতুল ডেকা । পৰিয়ালৰ পোহ পালৰ বাবে ওলায় গৈছিল বহি:ৰাজ্যলৈ৷ যোৱা ১৯ মেত ঘৰৰ ওচৰৰ তিনি বন্ধু দীপ জ্যোতি ডেকা, অক্ষয় জ্যোতি ডেকা আৰু ৰঞ্জিত ডেকাৰ লগত ওলাই গৈছিল বাংগালোৰত কাম কৰিবলৈ এই খন ঘৰৰ পৰাই । সকলো ঠিকেই আছিল কিন্তু গুৱাহাটীৰ পৰা বাংগালোৰলৈ গৈ থকা অবস্থাত হঠাত নিতুলৰ তিনি বন্ধুয়ে ফোন কৰিলে ঘৰলৈ । নিতুল সন্ধানহীন । সেই খবৰটো পাই নিতুলৰ মাতৃ আৰু পৰিয়ালৰলোক দুখত ভাগি পৰিছে । এতিয়া উপায়হীন অসহায় পৰিয়ালটো সহায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ । যিকোনো প্ৰকাৰে নিতুল ডেকাৰ সন্ধান লাগে পৰিয়ালৰ লোকক । এতিয়া পৰিয়ালটোৰ এক মাত্ৰ ভৰসা হৈছে অসম আৰক্ষী ৷ বৰ্তমান বৃদ্বা মাতৃ সন্ধানহীন বিনয় কত কেনেদৰে বিচাৰি যাব তাক লৈ এতিয়া দুচিন্তাত পৰিছে । বৃ্দ্বা মাতৃ অপেক্ষাত আছে কিজানি নিতুলে ঘৰলৈ ফোন কৰে ? উল্লখ্য যে নিতুলক কোনো দুষ্ট চক্ৰই গৈ থকা অৱস্থাত ট্ৰেইনৰ পৰা পেলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.