নগাঁও,11ফেব্ৰুৱাৰী: যিসময়ত সমগ্ৰ অসমতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে,তেনে সময়তে ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা ৷ বৃহস্পতিবাৰে পুৱা নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী আৰক্ষী কনিষ্টবলৰ পুত্ৰ সুশীল বৰা নামৰ যুৱকজনৰ মৃতদেহ ৷ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইপিনে,ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ প্ৰেৰণ কৰিছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ ৷
লক্ষণীয় বিষয় এইয়ে যে, বিগত সময়ছোৱাত নগাঁও আৰক্ষীয়ে ব্যাপক ৰূপত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু প্ৰশাসনৰ চকুত ধূলি দি বৰ্তমানেও একাংশ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ আনহাতে ড্ৰাগছৰ এনে ৰমৰমীয়া বেহাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহলো ।