ETV Bharat / state

কপিলী নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

উদ্ধাৰ হ'ল কপিলী নদীত নিখোজ হোৱা তপন নাথ নামৰ লোকজনৰ মৃতদেহ ৷ বৰ্তমানো জানিব পৰা যোৱা নাই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ ৷

কপিলী নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ
author img

By

Published : Oct 13, 2019, 3:01 PM IST

ৰহা, 13 অক্টোবৰঃ অৱশেষত উদ্ধাৰ হ'ল বৃহস্পতিবাৰে ৰহাৰ বামুণীজানৰ কপিলী নদীত নিখোজ হোৱা ৰহাৰ দীঘলদৰিৰ তপন নাথ নামৰ লোকজনৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে সৰিয়হতলীত উদ্ধাৰ হয় মৃতদেহটো। ৰহা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা এটি কন্যা সন্তানৰ পিতৃ তপনে দীঘলদৰিৰ পৰা আহি ৰহস্যজনকভাৱে বামুণীজানত কপিলী নদীত পৰে। পিচত দুৰ্যোগ প্ৰশমন বিভাগে তিনিদিন ধৰি কপিলী নদীত অভিযান চলায়ো উদ্ধাৰ কৰিব পৰা নাচিল তপনৰ মৃতদেহ। অৱশেষত চাৰিদিনৰ পিচত ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে উদ্ধাৰ হ'ল তপনৰ মৃতদেহ।

Intro:বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পাছত দেওবাৰে পুৱা কপিলী নদীত উদ্ধাৰ হল ৰহাৰ দীঘলদৰিৰ তপন নাথৰ মৃতদেহ ।Body:অৱশেষত উদ্ধাৰ হ'ল বৃহস্পতিবাৰে ৰহাৰ বামুণীজানত কপিলী নদীত নিখোজ হোৱা ৰহাৰ দীঘলদৰিৰ তপন নাথ নামৰ যুৱকজনৰ মৃতদেহ। ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে সৰিয়হতলীত উদ্ধাৰ কৰা হয় মৃতদেহটো। পুৱা একাংশ লোকে মৃতদেহটো পানীত উটি অহা দেখি আৰক্ষীক খবৰ দিয়ে আৰু ৰহা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা এটি কন্যা সন্তানৰ পিতৃ তপনে ৰহস্যজনকভাৱে দীঘলদৰিৰ পৰা আহি বামুণীজানত কপিলী নদীত পৰিছিল। পিচত দুৰ্যোগ প্ৰশমন বিভাগে তিনিদিন ধৰি কপিলী নদীত অভিযান চলায়ো উদ্ধাৰ কৰিব পৰা নাচিল তপনৰ মৃতদেহ। অৱশেষত চাৰিদিনৰ পিচত ঘটনাস্থলীৰ পৰা তিনি কিলোমিটাৰ পশ্চিমে উদ্ধাৰ হ'ল তপনৰ মৃতদেহ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.