ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচতেই নগাঁৱত প্ৰতিবাদ

author img

By

Published : Jan 11, 2020, 7:13 AM IST

Updated : Jan 11, 2020, 8:21 AM IST

কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰণালয়ে শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচতেই নগাঁৱত প্ৰতিবাদ ৷ ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত ৷

নাগৰিকত্ব সংশোধনী আইন বলৱৎ ৰ পাচতেই নগাঁৱত প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন বলৱৎ ৰ পাচতেই নগাঁৱত প্ৰতিবাদ

নগাঁও,11 জানুৱাৰীঃ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰাৰ পাচতেই নগাঁৱত প্ৰতিবাদ । নিশাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত উত্তোলন কৰা হয় ক'লা পতাকা । উল্লেখ্য যে,অসমবাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদক গুৰুত্বহীন কৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰণালয়ে এক ৰাজপত্ৰিত অধিসূচনা জাৰী কৰি বলৱৎ কৰে সংশোধিত নাগৰিকত্ব আইন। জাতিধ্বংসী এই আইন কাৰ্যকৰী কৰাৰ পিছতে নগাঁৱত মাজ নিশাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। ‘কা’ ৰ প্ৰতিবাদত নিশাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত ক'লা পতাকা উত্তোলন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

নগাঁৱত ক’লা পতাকা উত্তোলন

জিলা উপায়ুক্ত কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ লগতে আৱৰ্ত ভৱন চাৰিআলি ট্ৰেফিক পইণ্ট,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উত্তোলন কৰে ক'লা পতাকা ।

Intro:নাগৰিকত্ব সংশোধনী আইন কাৰ্য্যকৰী কৰাৰ পিছতেই নগাঁৱত প্ৰতিবাদ। নিশাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত উত্তোলন ক'লা পতাকা। Body:অসমবাসীৰ প্ৰতিবাদক গুৰুত্বহীন কৰি অৱশেষত কাৰ্য্যকৰী কৰা হল সংশোধিত নাগৰিকত্ব আইন। জাতিধ্বংসী এই আইন কাৰ্য্যকৰী কৰাৰ পিছত নগাঁৱত মাজনিশাই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। কা' ৰ প্ৰতিবাদত নিশাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত ক'লা পতাকা উত্তোলন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ লগতে আৱৰ্ত ভৱন চাৰিআলি ট্রেফিক পইণ্ট, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উত্তোলন কৰে ক'লা পতাকা।
---------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাঁও
১১-১-২০ Conclusion:
Last Updated : Jan 11, 2020, 8:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.