ETV Bharat / state

চামগুৰিত বিজেপি জিলা পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক - কাৰ্যনিৰ্বাহক সভা

বৃহস্পতিবাৰে চামগুৰিৰ আমনিত ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদৰ সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ বিগত দুটা বছৰে চৰকাৰী আচঁনি বা জিলা পৰিষদৰ নামত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পুঁজিৰ যোগান নধৰাৰ বাবে উপায়ন্তৰ হৈ চৰকাৰলৈ কাৰ্যকৰী সমিতিৰ তৰফৰ পৰা 9 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদস্যসকলে ৷

bjp state district council executive meeting
চামগুৰিত বিজেপি জিলা পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক
author img

By

Published : Nov 27, 2020, 12:16 PM IST

চামগুৰি,27 নৱেম্বৰ : নগাঁৱৰ চামগুৰিৰ আমনিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদৰ সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৷ সভাখনত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা কাৰ্যকৰী সমিতিৰ সদস্যসকলে অংশ গ্ৰহণ কৰে । গুৱাহাটী, গোৱালপাৰা, নগাঁও, হোজাই, বটদ্ৰৱা, লখিমপুৰ, ধেমাজিকে ধৰি বিভিন্ন জিলাৰ পৰা সদস্য় বাচনি কৰি এই সমিতিখন গঠন কৰা হয় ।

চামগুৰিত বিজেপি জিলা পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক

সভাত কবিতা বৰাক সভাপতি হিচাপে বাচনি কৰি বিগত দুটা বছৰ ধৰি চলি থকা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। সভাত উল্লেখিত অনুসৰি,বিগত দুবছৰ ধৰি চৰকাৰী আঁচনি বা জিলা পৰিষদৰ নামত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পুঁজিৰ যোগান ধৰা হোৱা নাই ৷

ইয়াৰোপৰি জিলা পৰিষদৰ সদস্যসকলৰ মাহেকীয়া পাৰিতোষিকৰ পৰিমাণো যথেষ্ট কম । যাৰ ফলস্বৰূপে সদস্যসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । গতিকে ৰাইজৰ প্ৰতিনিধি হিচাপে নিজ নিজ জিলা পৰিষদৰ অধীনৰ পঞ্চায়তসমূহত ৰাইজৰ ওচৰত কৰ্কথনাৰ পাত্ৰ হৈছে প্ৰতিনিধিসকল।

উপায়ন্তৰ হৈ তেওঁলোকে কাৰ্যকৰী সমিতিৰ তৰফৰ পৰা 9 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ মন্ত্ৰীৰ লগতে বিত্ত আৰু লোক নিৰ্মাণ বিভাগৰ সন্মানীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰে । শীঘ্ৰে অসম চৰকাৰৰ মন্ত্ৰীদ্বয়ে নিজ দলৰে এইসকল প্ৰতিনিধিৰ অসুবিধাৰ কথা চিন্তা কৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত এক সু-ব্যৱস্থা কৰাৰ বাবে আহবান জনায় ।

লগতে পঢ়ক : জোনাইৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.