নগাঁও, 8 এপ্ৰিল : বিজেপি নেতাই মুখেৰে যিমানেই নকওক কিয়, অসমত আজিও জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা নুই কৰিব নোৱাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ অৱশেষত ৰাজ্যত বিজেপি দলেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হ'ল ৷ নগাঁৱৰ ৰাজপথত হৰিনামৰ সুৰেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উপলুঙা কৰি গীত পৰিৱেশেৰে নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থকে ৷ গীতটোৰ প্ৰতিটো শাৰীতেই সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷
হৰিনামৰ সুৰেৰে তৰুণ গগৈৰ নাম হৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ - নগাঁও
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম লৈ গীত মুকলি কৰি নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ
নগাঁও, 8 এপ্ৰিল : বিজেপি নেতাই মুখেৰে যিমানেই নকওক কিয়, অসমত আজিও জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা নুই কৰিব নোৱাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ অৱশেষত ৰাজ্যত বিজেপি দলেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হ'ল ৷ নগাঁৱৰ ৰাজপথত হৰিনামৰ সুৰেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উপলুঙা কৰি গীত পৰিৱেশেৰে নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থকে ৷ গীতটোৰ প্ৰতিটো শাৰীতেই সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: