ETV Bharat / state

নিশা টিনপাত বিলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিজেপি নেতা - ৰহাত বিজেপি নেতাৰ টিনপাত কেলেংকাৰী

ৰহা-বটদ্ৰৱা বিধানসভা সমষ্টিৰ সীমামূৰীয়া বাঊলাবৰি তিনিআলিত বৃহস্পতিবাৰে নিশা বটদ্ৰৱা সমষ্টিৰ কাকমাৰী পঞ্চায়তৰ পাঁচজন স্থানীয় বিজেপি পালিনেতাই এখন ট্ৰাকৰ পৰা প্ৰায় 12 বাণ্ডিল টিনপাত নমাই থকা একাংশ লোকে প্ৰত্যক্ষ কৰে।

BJP scandal in Raha
ৰহা
author img

By

Published : Jun 26, 2020, 6:31 PM IST

ৰহা, 26 জুন : বৃহস্পতিবাৰে নিশা ৰহাৰ নিকটৱৰ্তী কাকমাৰী পঞ্চায়তৰ বাউলাবৰি তিনিআলিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । স্থানীয় ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি, নিশা গোপনে টিনপাত ভগাবলৈ আহি ৰাইজৰ ৰোষত পৰে বিজেপি নেতা । দৰাচলতে, ৰহা-বটদ্ৰৱা বিধানসভা সমষ্টিৰ সীমামূৰীয়া বাঊলাবৰি তিনিআলিত বৃহস্পতিবাৰে নিশা বটদ্ৰৱা সমষ্টিৰ কাকমাৰী পঞ্চায়তৰ পাঁচজন স্থানীয় বিজেপি পালিনেতাই এখন ট্ৰাকৰ পৰা প্ৰায় 12 বাণ্ডিল টিনপাত নমাই থকা একাংশ লোকে প্ৰত্যক্ষ কৰে।

লগতে পঢ়কঃ চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ

স্থানীয় একাংশ ৰাইজে বিজেপিৰ নেতাকেইজনক টিনপাত সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁলোকে টিনপাতখিনি '"অবিচি" কোটাত পোৱা বুলি জানিবলৈ দিয়ে। ইফালে স্থানীয় লোকে টিনপাত হিতাধিকাৰীৰ নামৰ তালিকা দেখি খৰ্গহস্ত হৈ পৰে। ইয়াৰোপৰি, তালিকাত নাম থকা হিতাধিকাৰীসকল উপযুক্ত হিতাধিকাৰী নোহোৱা বাবে সেইসমূহ বিতৰণত ৰাইজে বাধা প্ৰদান কৰে ৷ যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

পৰৱৰ্তী সময়ত ৰাইজক অধিক খৰ্গহস্ত হোৱা দেখি বিজেপি নেতাকেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পাছত স্থানীয় ৰাইজে জাজৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে টিনপাতখিনি স্থানীয় গাঁওবুঢ়াক জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, বটদ্ৰৱা সমষ্টিৰ কাকমাৰী গাঁও পঞ্চায়তৰ এইসকল বিজেপি নেতাই এনেদৰে চৰকাৰী আঁচনি প্ৰকৃত হিতাধিকাৰীক প্ৰদান নকৰি আত্মসাৎ কৰিব বিচাৰিছিল বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : বান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.