ETV Bharat / state

কংগ্ৰেছৰ বাবে গ্ৰহণ কৰিব লাগিব চছমাজ্যোতি আঁচনিঃ ৰূপক শৰ্মা - বিজেপি চৰকাৰৰ শাসন কাল

বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্যত উন্নয়নমূলক কাম সম্পন্ন হোৱা নাই বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, বিজেপিয়ে উন্নয়নমূলক কাম কৰা স্বত্বেও সেইবোৰ দেখি নোপোৱাসকলৰ বাবে চছমাজ্যোতি আঁচনি গ্ৰহণ কৰি চছমা বিতৰণ কৰিব লাগিব । নগাঁৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিধায়গৰাকীয়ে ।

কংগ্ৰেছৰ বাবে গ্ৰহণ কৰিব লাগিব চছমাজ্যোতি আঁচনিঃ ৰূপক শৰ্মা

author img

By

Published : Feb 26, 2021, 4:55 PM IST

নগাঁও, ২৬ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । ৰাজ্যত উন্নয়নমূলক কাম কৰাক লৈ এটা দলে আনটো দলক সমলোচনাৰে থকা-সৰকা কৰিছে । এফালে, বিজেপিয়ে কংগ্ৰেছৰ শাসন কালত দুৰ্নীতি, অপশাসন হোৱাৰ অভিযোগ তুলিছে আনহাতে, কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে, বিজেপিয়ে ৰাজ্যত উন্নয়নমূলক কাম কৰাত হেমাহি কৰিছে ।

কংগ্ৰেছৰ বাবে গ্ৰহণ কৰিব লাগিব চছমাজ্যোতি আঁচনিঃ ৰূপক শৰ্মা

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । তেওঁ কয় যে, বিজেপিয়ে কৰা উন্নয়নমূলক কাম দেখা নোপোৱা কংগ্ৰেছৰ বাবে চছমাজ্যোতি আঁচনি গ্ৰহণ কৰিব লাগিব । কেৱল নগাঁও সদৰ সমষ্টিতে নহয়, বিজেপিৰ শাসন কালত ৰাজ্যৰ মুঠ ১২৬টা সমষ্টিত সম উন্নয়ন হৈছে । বিজেপিৰ বিধায়ক থকা সমষ্টিৰ সমান্তৰালকৈ বিৰোধী বিধায়কৰ সমষ্টিতো চৰকাৰে সমানে পুঁজিৰ আবন্টন দিছে ।

বিজেপি চৰকাৰৰ দিনত ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্যখণ্ডলৈকে সকলো ক্ষেত্ৰতে বিকাশ সম্ভৱ হৈছে । সংবাদমেলত বিৰোধীক সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ এক খতিয়ানো দাঙি ধৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । লগতে বিধানসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈও অধিক আসন লাভ কৰি জয় লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:চিৰাঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.