ETV Bharat / state

Bhupen Hazarika 97th birthday:কলিয়াবৰত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন

কলিয়াবৰৰ জখলাবন্ধাতো সুধাকণ্ঠৰ ওপজা দিন উদযাপন ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেত্ৰী মলয়া গোস্বামীৰ ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি ৷

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:13 PM IST

Birth anniversary of Bhupen hazarika Organised at Kaliabor
ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন
ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন

কলিয়াবৰ, 8 ছেপ্টেম্বৰ : আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ 97 তম জন্মদিন ৷ সমগ্ৰ অসমে এইজনা মহান মনীষীক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ জন্মদিন উদযাপন কৰা হৈছে ৷ বিভিন্ন দল-সংগঠনে সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগত ৰাখি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে ৷

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো শুকুৰবাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭ তম ওপজা দিন উদযাপন কৰা হয় । কলিয়াবৰ প্ৰেছ ক্লাবৰ চৌহদত অৱস্থিত ত্ৰিৱেণী কাননত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ভূপেন হাজৰিকাৰ 98 সংখ্যক জন্মদিন । জখলাবন্ধাৰ ত্ৰিৱেণী কাননত স্থাপিত সুধাকণ্ঠৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰে আৰু শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক বিৰাজ ভূষণ বৰাই ।

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীও অনুষ্ঠানত উপস্থিত থাকে ৷ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি তৰ্পন কৰি তেওঁ ভূপেন হাজৰিকাক লৈ দুআষাৰ বক্তব্য আগবঢ়ায় । ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ বাবে নৱপ্ৰজন্মক আহ্বান জনায় বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে । অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয় মহিলাসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতে শ্ৰোতাক বাৰুকৈয়ে মুগ্ধ কৰে ।

বিপুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত এসময়ৰ কুঠৰীৰ ভূপেন হাজৰিকাৰ বাসগৃহৰ তদাৰককাৰী সুৰেন নেওগ, শিক্ষাসেৱী সলিল কুমাৰ মিত্ৰ, পুস্পেন্দ্ৰ শইকীয়া, গিৰিশ গায়ন, ভূপেনদাৰ অনুগামী, সাংস্কৃতিক কৰ্মী ৰঞ্জিত ভট্টাচাৰ্য‍্যই অংশগ্ৰহণ কৰে ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুহিধৰ শইকীয়া, অৰুণ বৰা, নম্ৰতা বৰা, দিশা মুখাৰ্জী, স্নেহা ৰয়, ভৈৰৱ বৰদলৈ আৰু ধনীৰাম দাসে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে । পুৱা পতাকা উত্তোলন কৰে ত্ৰিৱেণী কাননৰ সভাপতি দিলীপ কুমাৰ বৰদলৈয়ে ।

লগতে পঢ়ক : Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.