ETV Bharat / state

JE in Assam : ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা স্বাস্থ্য বিভাগক স্মাৰকপত্ৰ - জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ

নগাঁৱত বৃদ্ধি জাপানীজ এনকেফেলাইটিছ, ডায়েৰীয়া ৰোগ । বানাক্ৰান্ত অঞ্চলত অধিক বৃদ্ধি জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগীৰ সংখ্যা (Japanese Encephalitis in Assam) । সেয়ে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা স্বাস্থ্য বিভাগক স্মাৰকপত্ৰ প্ৰদান কৰে শিৱৰ ভাও লৈ প্ৰতিবাদ কৰি আটক হোৱা অভিনেতা বিৰিঞ্চি বৰাই ।

JE in Assam
ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা স্বাস্থ্য বিভাগক স্মাৰকপত্ৰ প্ৰদান বিৰিঞ্চি বৰাৰ
author img

By

Published : Jul 16, 2022, 6:56 PM IST

নগাঁও, 16 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ নগাঁও জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া (Japanese encephalitis outbreak in Assam)। জিলাখনত জাপানীজ এনকেফেলাইটিজ ৰোগত বৰ্তমানলৈকে আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ’ল 21 জন ৷ ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিজ ৰোগত মৃত্যু হৈছে 3 জনৰ ৷

আক্ৰান্ত আন কেইবাগৰাকী ৰোগী চিকিৎসাধীন হৈ আছে জিএমচিএইচত (GMCH) ৷ নগাঁও জিলাত ভয়াৱহ ৰূপত প্ৰাদুৰ্ভাৱ ঘটা জাপানীজ এনকেফেলাইটিজ ৰোগক লৈ আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ (Japanese encephalitis in Nagaon)। বিশেষকৈ জিলাখনৰ বানাক্ৰান্ত অঞ্চলত জাপানীজ এনকেফেলাইটিজ আৰু ডায়েৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাত চিন্তিত হৈ পৰিছে বানপীড়িত ৰাইজ ৷

ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা স্বাস্থ্য বিভাগক স্মাৰকপত্ৰ প্ৰদান বিৰিঞ্চি বৰাৰ

ডায়েৰীয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে এইবাৰ ওলাই আহিছে শিৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক হোৱা বিৰিঞ্চি বৰা । শনিবাৰে অভিনেতা বিৰিঞ্চি বৰাই বানাক্ৰান্ত অঞ্চলত ৰোগ প্ৰতিৰোধী ব্যৱস্থা ক্ষীপ্ৰতাৰে গ্ৰহণ কৰিবলৈ দাবী জনাই নগাঁও জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালকক প্ৰদান কৰে এখন স্মাৰকপত্ৰ (Memorandum for encephalitis disease obstacle in Nagaon) ৷

লগতে পঢ়ক : Japanese encephalitis outbreak: যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.