মৰিগাঁও, 15 ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত তিৱা স্বায়ত্ব পৰিষদীয় সমষ্টি এক নং জমাদাৰীত বলিছে নিৰ্বাচনৰ গৰম বতাহ । নিৰ্বাচন উপলক্ষে প্ৰত্যেক ৰাজনৈতিক দলৰ ৰথী মহাৰথী সকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰাৰ মাজতে আজি লাহৰিঘাটত হোৱা বিশাল ৰেলীয়ে ৰাইজৰ মাজত নিৰ্বাচনক লৈ উদ্বিগ্নতা অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷

বিভিন্ন ৰাজনৈতিক দলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যে গীত মাতৰ লগতে ভিন্ন পন্থা অৱলম্বন কৰাৰ মাজতে এতিয়া অন্তিম প্ৰচাৰৰ বাবে কংগ্ৰেছ , বিজেপি সকলো দলৰে নেতা, কৰ্মী তথা প্ৰাৰ্থীৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে শেহতীয়াকৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে বিজেপি মানে প্ৰগতি, প্ৰগতি মানে বিজেপি শীৰ্ষক গীত গাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা কৰি কংগ্ৰেছক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷