ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি গৰু বিহু পালন ! - tradition

চ'তৰ দোমাহীৰ পৰা আৰম্ভ হয় অসমীয়া প্ৰাণৰ আপোন ৰঙালী বিহু ৷ আজি গৰু বিহু ৷ পৰম্পৰা অনুযায়ী অসমীয়াই গোহালিৰ গাই-বলধ কেইটাক মাহ-হালধিৰে নোৱাই ধুৱাই বছৰটোলৈ পশুধনৰ মংগল কামনা কৰে ৷ বাপতি সাহোন বিহু এইবাৰ পিচে পূৰ্ব উচাহেৰে পালন কৰিব পৰা নাই অসমীয়াই ৷ কৰ'ণা ভাইৰাছৰ ত্ৰাস আৰু লক্ ডাউনৰ বাবে ম্লান পৰিছে বিহুৰ আনন্দ-উলাহত ৷ তথাপিও বিহু বলিয়া মনটোক সামৰিব পৰা নাই অসমীয়া ৰাইজে ৷

bihu celebrate in all over assam
bihu celebrate in all over assam
author img

By

Published : Apr 13, 2020, 2:37 PM IST

Updated : Apr 13, 2020, 3:23 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিল : পূৰ্বৰ পৰম্পৰা অটুট ৰাখি অনুষ্টুপীয়াকৈ হ'লেও বিহু পালন কৰিছে অসমীয়াই ৷ ঘৰতেই গৰুক গা ধুৱাই বিহুৰ যথা ৰীতি পালন কৰিছে অসমীয়া ৰাইজে ৷ আগৰ দৰে সমূহীয়াকৈ নৈ-বিলত গৈ একেলগে গাঁৱৰ গঞাই গৰুক গা ধুৱাব পৰা নাই ৷ কৰ'ণা আতংকৰ মাজতে বুকুত এবোজা দুখ বান্ধি গৰু বিহুৰ নিয়ম পালন কৰিছে লোক সকলে ৷ এফালে লক্ ডাউন আৰু আনফালে সাতামপুৰুষীয়া পৰম্পৰা ৷ দুয়োকুল বজাই ৰাখি ঘৰতেই গৰুক গা ধুৱাইছে গাঁওবাসীয়ে ৷

ৰাজ্যজুৰি গৰু বিহু পালন

টীয়কৰ জাঁজী নৈৰ পাৰত নাই পূৰ্বৰ দৰে পৰিবেশ ৷ গৰু বিহুৰ উলহ মালহৰ পৰিৱৰ্তে নিমাও মাও হৈ ৰৈছে জাঁজীৰ পাৰ ৷ সামাজিক ব্যৱধান বজাই ৰাখি কেৱল কেইগৰাকীমান লোক আহিছে নৈৰ ঘাটলৈ ৷ টিংখাঙৰ কেন্দুগুড়িত সামাজিক দূৰত্ব বজাই ৰাখি পৰম্পৰা ৰক্ষা । বিহু বলিয়া মনটোক সামৰিব নোৱাৰি দিৰৈ নৈৰ ঘাটত গৰু গা ধুৱাই বিহু পালন কৰিলে ৰাইজে ৷ যোৰহাটৰ কৰঙা কাটনিবাৰী গাঁৱতো বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে ৰাইজে ৷ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই গৰু বিহুৰ পুৱাই ঘৰতে গৰুক গা ধুৱাই পালন কৰিলে গৰু বিহু । গোলাঘাটত দেখা গৈছে সকলোৱে নিজৰ ঘৰতে গৰুক গা ধুৱাই পালন কৰিছে গৰু বিহু । প্ৰকৃতিৰ এই দুৰ্যোগৰ সময়ত ৰঙালীক ঘৰৰ ভিতৰত থাকিয়ে আদৰিবলৈ ৰাইজক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ । বটদ্ৰৱা, নগাঁও, ডিব্ৰুগড়, মৰাণ, টিংখাং, মৰিগাঁও, দৰং,বৰপেটা আদি সকলোতে বিহুবুলি কেৱল নিয়মটোহে কৰা দেখা গ'ল অসমীয়া ৰাইজক ৷

কৰ'ণা ভাইৰাছ আৰু লক্ ডাউনে বিহুৰ উচাহ ম্লান পেলালেও, বাপতি সাহোন বিহুটি জানো পালন নকৰাকৈ থাকিব পাৰি ! ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোকে বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে, মহামাৰীৰ এই সময়ত সজাগ হৈ বিহু পালন কৰিবলৈ অনুৰোধ জনালো ৷

লগতে পঢ়ক : হেঁপাহৰ বিহুটি হেঁপাহৰ ঘৰখনতে পালন কৰকঃ আঙুৰলতা ডেকা

Last Updated : Apr 13, 2020, 3:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.