ETV Bharat / state

ভোগালী বিহু উপলক্ষে নগাঁৱৰ নেহৰুবালিত ভোগালী উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 4:14 PM IST

Bhogali Utsav celebration: আনুষ্ঠানিকভাৱে শুভাৰম্ভ ১১১ সংখ্যক নগাঁও ভোগালী উৎসৱ । উৎসৱমুখৰ পৰিবেশ কলঙৰ বাকৰি নেহৰুবালিত । বিহুৰ দিনাই এশৰো অধিক জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা ভোগালী উৎসৱ সমিতিৰ ।

Bhogali Utsav celebration
নগাঁও ভোগালী উৎসৱ

ভোগালী বিহু উপলক্ষে নগাঁৱৰ নেহৰুবালিত ভোগালী উৎসৱ

নগাঁও, 15 জানুৱাৰী: আজি ভোগৰৰ ভোগালী বিহু ৷ পুৱাতে উঠিয়েই অসমীয়াই মেজি জ্বলাই অগ্নিসেৱা কৰি অসূয়া-অপ্ৰীতি নাশৰ বাবে ইশ্বৰক প্ৰাৰ্থনা জনোৱা দেখা গৈছে ৷ ইফালে ভোগালী বিহু উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত অনুষ্ঠিত হৈছে ভোগালী মেলা ৷ বিধে বিধে খাদ্য, পানীয়, বস্ত্ৰ আদিৰ মেলাসমূহৰ প্ৰতিও ৰাইজৰ সঁহাৰিও ইতিবাচক হোৱা পৰিলক্ষিত হৈছে ৷ নগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ৷

সোমবাৰৰ পৰা নগাঁৱৰ নেহৰুবালিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় সদৌ নগাঁও ভোগালী উৎসৱৰ । ভোগালী বিহুৰ দিনাই পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা সদৌ নগাঁও ভোগালী উৎসৱত মেজি প্ৰজ্বলন, সমবেত সংগীত আদি কাৰ্যসূচীও অনুষ্ঠিত হয় ৷ তাৰ পিছতে ১১১ তম সদৌ নগাঁও ভোগালী উৎসৱ উপলক্ষে বিহুৰ দিনাই অৰ্থাৎ সোমবাৰে নগাঁৱৰ এশৰো অধিক বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে ।

ছয়দিনীয়া বিস্তৃত কাৰ্যসূচীৰে নগাঁও ভোগালী উৎসৱ আৰম্ভ হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে কলঙৰ বাকৰিৰ নেহেৰুৱালীত । ১১১ তম সদৌ নগাঁও ভোগালী উৎসৱৰ কাৰ্যসূচী অনুসৰি ১৫ জানুৱাৰী অৰ্থাৎ সোমবাৰে পুৱা ৰাজ্যিক শিশু, নাৰীগৃহ আৰু শংকৰ মিচনত বিহুৰ জলপান বিতৰণ কৰা হয় ।

একেদিনাই হেমা দাস সোঁৱৰণী প্রাইজমানি মুকলি কুইজ প্রতিযোগিতা, স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভোগালী বিহু উৎসৱৰ লগত সংগতি ৰাখি ১৬ জানুৱাৰী অৰ্থাৎ মঙলবাৰে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ লগতে অভিনেতা যতীন বৰা, প্ৰীতি কংকনা, আইমী বৰুৱাকে আদি কৰি কেবাগৰাকীও শিল্পীৰ উপস্থিতিত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব । সোমবাৰে সদৌ নগাঁও ভোগালী উৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ভোগালী উৎসৱ সমিতিৰ অন্যতম উদ্যোক্তা তথা বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক: অসমবাসীলৈ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিহুৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.