ETV Bharat / state

বৰদোৱাত ভোগালী উৎসৱৰ সমাৰণি

author img

By

Published : Jan 20, 2021, 10:46 AM IST

ভোগালী উৎসৱ কাৰ্যসূচী অনুসৰি সোমবাৰৰ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছতে বটদ্ৰৱা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বয়োজেষ্ঠ্য আৰু বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে ।

বৰদোৱাত ভোগালী উৎসৱৰ সমাৰণি
বৰদোৱাত ভোগালী উৎসৱৰ সমাৰণি

চামগুৰি,20 জানুৱাৰীঃ নগাঁও জিলাৰ বৰদোৱা ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সমীপত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ মঙলবাৰে নিশা সামৰণি পৰে । ভোগালী উৎসৱ কাৰ্যসূচী অনুসৰি সোমবাৰৰ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছতে বটদ্ৰৱা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বয়োজেষ্ঠ আৰু বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে ।

বৰদোৱাত ভোগালী উৎসৱৰ সমাৰণি

উল্লেখযোগ্য যে,যোৱা কালি ১৯ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা। বটদ্ৰৱাৰ জেষ্ঠ সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাৰ পৰিচালনাৰে অনুষ্ঠিত 'অসমীয়া সংস্কৃতিৰ কুইজ' শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ পাছতে সন্ধ্যা ৮ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া । সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকা,বৰুণ বিকাশ আৰু আৰোহন বৰদলৈৰ গীতৰ অনুষ্ঠানে ৰাইজক মন্ত্ৰমুগ্ধ কৰা দেখা যায় ৷

লগতে পঢ়কঃ অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.