বটদ্ৰৱা, 1 নৱেম্বৰঃ বটদ্ৰৱাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৷ পোন্ধৰ দিন নহওঁতেই তৰপে তৰপে এৰাইছে ব্লেক টপিং ৷ 2018 চনৰ 5 নৱেম্বৰতে বটদ্ৰৱা ধনীয়াভেটি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷
সমষ্টিটোৰ বিধায়িকা আঙুলতা ডেকাই এইক্ষেত্ৰত কানসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ৰাইজৰ দাবী অতিশীঘ্ৰে পথছোৱাৰ পুননিৰ্মাণ কৰি ঠিকাদাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰক গড়কাপ্তানী বিভাগে ৷