ETV Bharat / state

ৰূপহীহাটত উলহ-মালহেৰে বাথৌ পূজা পালন

author img

By

Published : Jan 27, 2021, 1:21 PM IST

Updated : Jan 27, 2021, 1:41 PM IST

মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে ৰূপহীহাটৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰিলে পৰাম্পৰাগত উৎসৱ বাথৌ পূজা ৷

ৰূপহীহাটত উলহ-মালহেৰে বাথৌ পূজা পালন
ৰূপহীহাটত উলহ-মালহেৰে বাথৌ পূজা পালন

ৰূপহীহাট, 27 জানুৱাৰী: পৱিত্ৰ মাঘমাহৰ দ্বিতীয়টো মঙলবাৰে বড়োসকলে পালন কৰি আহিছে বাথৌ পূজা ৷ ৰাজ্যৰ আন আন বড়ো বসতি প্ৰধান অঞ্চলৰ লগতে ৰূপহীহাটতো বড়োসকলে পালন কৰিছে পৰাম্পৰাগত এই উৎসৱ ৷ ৰূপহীহাটৰ ভেলগুৰিত শ-শ বছৰ ধৰি পালন কৰি অহা বড়ো সকলৰ বাথৌ দিৱস অথবা বাথৌচান উদযাপন কৰিলে মঙলবাৰে ৷

ৰূপহীহাটত উলহ-মালহেৰে বাথৌ পূজা পালন

উল্লেখ্য যে,ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল,ভূটান,বাংলাদেশৰ বড়ো লোক সকলেও পৰম্পৰাগত ভাৱে পালন কৰে এই উৎসৱটি ৷ বাথৌ পূজাত সিজু গছক ঈশ্বৰৰ ৰূপে লৈ নীতি-নিয়মৰ মাজেৰে পূজা-অৰ্চনা কৰাৰ লগতে পুৱাৰ ভাগত পাঁচটা ৰঙৰে অৰ্থাৎ বায়ু,পানী,অগ্নি,সূৰ্য আৰু পৃথিৱীৰ অৰ্থ বুজোৱা পতাকা উত্তোলন কৰে ৷ সদৌ অসম টাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰীয়ে পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠিনটি দিনযোৰা কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে পালন কৰে বড়ো জনগোষ্ঠীয় লোকসকলে ৷

লগতে পঢ়ক: ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন

Last Updated : Jan 27, 2021, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.