বটদ্ৰৱা, 17 চেপ্তেম্বৰ : পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে বটদ্ৰৱা থানৰ এক আদৰণীয় পদক্ষেপ । বটদ্ৰৱা থানত নিষিদ্ধ হ'ল পলিথিনৰ মোনা । পলিথিনৰ মোনাৰ সলনি বটদ্ৰৱা থানত প্ৰচলিত হ'ল কাপোৰৰ মোনা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱাত ভকত বৈষ্ণৱৰ হাতত এটি কাপোৰৰ মোনা । গুৰুজনাই সমগ্ৰ অসমীয়া জাতিক সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে উত্তৰণৰে যি সমাজ গঠন কৰি নাম ধৰ্ম প্ৰচাৰ কৰিছিল তাত সাংগীতিক বাদ্য, বহাৰ আসন লগতে প্ৰসাদৰ উপকৰণ, প্ৰসাদ বিতৰণ, প্ৰসাদ গ্ৰহণ আনকি জলপান আৰু আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কলপাত, পদুম পাত, কলপটুৱা, কলৰ দোনা আদি সম্পূৰ্ণ প্ৰাকৃতিক তথা জৈৱিক উপাদান ব্যৱহাৰ কৰিছিল । কিন্তু সভ্যতাৰ উত্তৰনৰ লগে লগে সমগ্ৰ বিশ্বৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা প্লাষ্টিকৰ পলিথিনৰ প্ৰয়োগো আহি অনান্য মন্দিৰ নামঘৰ সমূহৰ দৰে বটদ্ৰৱা থানতো প্ৰচলিত হৈ পৰিছিল ।
জৈৱ বৈচিত্ৰ ৰক্ষাৰ সমগ্ৰ বিশ্বৰ প্ৰয়াসৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও থান চৌহদ পলিথিন মুক্ত কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন আৰম্ভ ইতিমধ্যে কৰিছে । ভকত বৈষ্ণৱক প্ৰসাদ বান্ধিবৰ বাবে বটদ্ৰৱা থানে নিজে প্ৰস্তুত কৰা এটি কাপোৰৰ মোনা চলিত বৰ্ষৰ ১৮ এপ্ৰিল তথা বৌদ্ধ পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ কৰিছে । বটদ্ৰৱা থানলৈ অহা ভকত-বৈষ্ণৱে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে লোৱা পদক্ষেপৰ শলাগ লয় । থানলৈ নৈবেদ্য পলিথিনৰ পৰিবৰ্তে কাপোৰ বা মৰাপাটৰে প্ৰস্তুত কৰা মোনাত ব্যৱহাৰ কৰিবলৈ সকলো ভকত বৈঞ্চৱক আহ্বান জনাই বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷