ETV Bharat / state

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম - ২০০ বছৰীয়া

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম৷ জেঠৰ পূৰ্নিমাত হৰি নাম ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ৷

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম
author img

By

Published : Jun 18, 2019, 6:51 AM IST

বটদ্ৰৱা, 18 জুনঃ জেঠ মাহৰ পূৰ্ণিমাৰ সোমবাৰৰ দিনটোত ঐতিহ্যময় বটদ্ৰৱাত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি পূৰ্নিমাৰ দিনটোতেই অনুষ্ঠিত হয় উলহ-মালহেৰে বৰসবাহ । ২০০ বছৰৰ পূৰ্বে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কলেৰা, হাইজা আদি মাৰি মৰকৰ পৰা সকাহ পোৱাৰ মানসেৰে দৌল মন্দিৰলৈ বুলি নাম আগবঢ়াই বৌদ্ধ পূৰ্নিমাৰ পৰা জেঠৰ পূৰ্নিমালৈকে প্ৰতি সন্ধ্যা এমাহ জুৰি নাম ৰাখিছিল । সেই সময়ত বাৰিষাৰ কদৰ্যময় বোকা পানী খচকি আৰু বাঘ ভালুকৰ ভয়ত নিশা দৌল মন্দিৰলৈ যোৱাৰ বাট পথ সুচল নথকাত গাঁৱৰ ৰাইজে দৌল মন্দিৰলৈ বুলি দৌলৰ বাটতে থকা বাটচ'ৰাত বহাগৰ পূৰ্নিমাৰ পৰা সম্পূৰ্ণ এটা মাহ নাম ৰাখি জেঠৰ পূৰ্নিমাত এই নামৰ সামৰণী মাৰিছিল । তাহানিৰ সেই পৰম্পৰাক উজ্জৱিত কৰি প্ৰতিবছৰে শলগুৰি সত্ৰৰ ৰাইজে এই বৰসবাহ অনুষ্ঠিত কৰি আহিছে ৷

বটদ্ৰৱাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম

এই উপলক্ষে যোৱা এমাহজুৰি প্ৰতি সন্ধ্যা দৌলৰ বাটত দিহা নাম অনুষ্ঠিত কৰাৰ অন্তত সোমবাৰে সামৰণি উপলক্ষে পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে এই খোল প্ৰসংগ, নাম প্ৰসংগত । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ২০০ বছৰীয়া পৰম্পৰাক জীপাল কৰি বটদ্ৰৱাৰ সলগুৰি সত্ৰই পালন কৰা এই বৰসবাহত সহস্ৰাধিক লোকৰ আগমনে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় পবিত্ৰ বটদ্ৰৱা ।

Intro:বটদ্ৰবাত পৰম্পৰাগত ২০০ বছৰীয়া হৰিনাম ৷ পৰম্পৰাক উজ্জিৱীত কৰি জেঠৰ পূৰ্নিমাত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ ।Body:জেঠ মাহৰ পূৰ্ণিমাৰ সোমবাৰৰ দিনটোত ঐতিহ্যময় বটদ্ৰবাত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি পূৰ্নিমাৰ দিনটোতেই অনুষ্ঠিত হয় উলহ-মালহেৰে বৰসবাহ। আজিৰ দিনটোৰ পৰা ২০০ বছৰৰ পূৰ্বে গুৰুজনাৰ জন্মস্থান বটদ্ৰবাত কলেৰা, হাইজা আদি মাৰি মৰকৰ পৰা নিস্কৃতি পোৱাৰ মানসেৰে দৌল মন্দিৰলৈ বুলি নাম  আগবঢ়াই বৌদ্ধ পূৰ্নিমাৰ পৰা জেঠৰ পূৰ্নিমালৈকে প্রতি সন্ধ্যা এমাহ জুৰি নাম ৰাখিছিল। সেই সময়ত বাৰিষাৰ কদৰ্যময় বোকা পানী খচকি আৰু বাঘ ভালুকৰ ভয়ত নিশা দৌল মন্দিৰলৈ যোৱাৰ বাট পথ সুচল নথকাত গাঁৱৰ ৰাইজে দৌল মন্দিৰলৈ বুলি দৌলৰ বাটতে থকা বাটচ'ৰাত বহাগৰ পূৰ্নিমাৰ পৰা সম্পূৰ্ণ এটা মাহ নাম ৰাখি জেঠৰ পূৰ্নিমাত এই নামৰ সামৰণী মাৰিছিল। তাহানিৰ সেই পৰম্পৰাক উজ্জিৱিত কৰি প্রতিবছৰে শলগুৰি সত্ৰৰ ৰাইজে এই বৰসবাহ অনুষ্ঠিত কৰে। এই উপলক্ষে যোৱা এমাহজুৰি প্রতি সন্ধ্যা দৌলৰ বাটত দিহা নাম অনুষ্ঠিত কৰাৰ অন্তত আজি সামৰণি উপলক্ষে পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ । শিশুৰ পৰা বৃদ্ধবৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে এই খোল প্রসংগ, নাম প্রসংগত । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ২০০ বছৰীয়া পৰম্পৰাক জীপাল কৰি বটদ্ৰৱাৰ সলগুৰি সত্রই পালন কৰা এই বৰসবাহত সহস্ৰাধিক লোকৰ আগমনে দৃতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় পবিত্র বটদ্ৰৱা ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.