ETV Bharat / state

বটদ্ৰৱাৰ সমাজকৰ্মী, শিক্ষাবিদ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগ

author img

By

Published : May 14, 2019, 5:06 PM IST

সোমবাৰে নিশা নিজ বাসগৃহত নগাঁৱৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ মৃত্যু হয় । যোগেন্দ্ৰ নাথ কলিতাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ ৷

বটদ্ৰৱাৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগ

বটদ্ৰৱা,14মে': নগাঁৱৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ,অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ সোমবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয়। উল্লেখ্য যে কলিতা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, অসম সাহিত্য সভাৰ সভাপতি ডঃপৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক পদুম ৰাজখোৱাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত যোগেন্দ্ৰনাথ কলিতাই পত্নী,পুত্ৰ,জীয়ৰী, বোৱাৰী,নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা,14মে': নগাঁৱৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ,অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ সোমবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয়। উল্লেখ্য যে কলিতা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, অসম সাহিত্য সভাৰ সভাপতি ডঃপৰমানন্দ ৰাজবংশী,প্ৰধান সম্পাদক পদুম ৰাজখোৱাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত যোগেন্দ্ৰনাথ কলিতাই পত্নী,পুত্ৰ,জীয়ৰী, বোৱাৰী,নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Intro:বটদ্ৰৱাৰ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগ। বিভিন্নজনৰ শোকৰ ছাঁ ।Body:নগাঁও জিলাৰ বটদ্রৱা বৰহিছা গাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, অৱসৰপ্রাপ্ত
কৃতী শিক্ষক যোগেন্দ্ৰ নাথ কলিতা সোমবাৰে নিশা নিজ বাসগৃহত পৰলোকপ্রাপ্তি হয়। কলিতা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি বটদ্রৱাৰ ৰাইদঙীয়াত জন্ম গ্রহন কৰি ঐকান্তিক আৰু আশাশুধীয়া প্রচেষ্টাৰে সমগ্র অঞ্চলজুৰি এক সুষ্ঠ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে সুস্থ সমাজ গঠনত অগ্রণী ভূমিকা লৈছিল কলিতাই। মাত্র ১৯ বছৰ বয়সতে ১৯৬৭ চনত শিক্ষাৰ দ্বাৰা সমাজৰ পৰিবৰ্তন কৰাৰ মানসেৰে মৰিগাঁও জিলাৰ ঘগুৱা মৌজাৰ উত্তৰ পাৰত বটাবাৰী এম ই স্কুল খন প্রতিষ্ঠা কৰি বিনা বেতনেৰে পিচপৰা অঞ্চলটোৰ ছাত্র-ছাত্রী সকলক জ্ঞানৰ পোহৰ বিলাই ১৯৭০ চনত মায়াংৰ বুঢ়া বুঢ়ী এম ই স্কুলত যোগদান কৰে । পৰবৰ্তী সময়ত তেও ১৯৯০ চনত হাজী আচমত আলী বাটমাৰী হাইডুবী এম ই মাদ্রাছাত যোগদান কৰি ২০১০ চনত অৱসৰ গ্রহণ কৰে। বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে সাহিত্য সভাৰ সত্তৰ দশকৰ আজীবন সদস্য, বটদ্ৰৱাত শাখা সাহিত্য সভাৰ প্রাক্তন সম্পাদক, বটদ্ৰৱা শ্ৰীমন্ত শংকৰ গুৰু গ্ৰাম্য পুথিভড়াল পৰিচালনা সমিতিৰ সভাপতি, বটদ্ৰৱা
থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক সদস্য, বটদ্রৱা আঞ্চলিক ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সদস্য, সতী ৰাধিকা ছোৱালউচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য আদি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত হৈ সমাজসেৱা আগবঢ়াইছিল। তদুপৰি তেও অসম আন্দোলনৰ সময়ছোৱাত প্ৰয়াত
মন্ত্ৰী দীগেন বৰাৰ অন্যতম বিশ্বাস যোগ্য বন্ধু হিচাপে সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহন কৰি নিষ্ঠা আৰু সততাৰে জাতীয় কাৰ্যত আত্ম নিয়োগ কৰিছিল। আজীৱন গুৰু সেৱাত ব্রতী অমায়িক, সৰল মনৰ, মৃদুভাষী, সুশ্রী যোগেন্দ্র নাথ কলিতা নামলগোৱা হোৱাৰ উপৰিও অংকীয়া ভাওনাত কৰা শিৱ আৰু কংসৰ অভিনয়েৰে এজন সুদক্ষ অভিনেতা হিচাপে পৰিচিত আছিল। যোগেন্দ্ৰ নাথ কলিতাৰ বিয়োগত বটদ্রৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, অসম
সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা,
বিশিষ্ট সাংবাদিক প্রকাশ মহন্ত, মনোৰম গগৈ, অমল দাস, গীতালি শইকীয়া,
নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক মৃনাল হাজৰিকাকে প্রমুখ্য কৰবি ভিন্নঅনুষ্ঠান প্রতিষ্ঠান তথা ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত যোগেন্দ্ৰনাথ কলিতাই পত্নী, পুত্ৰ সাংবাদিক, কবি কন্দৰ্প কুমাৰ কলিতা, জগন্নাথ কলিতা, একমাত্ৰ জীয়ৰী, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.