নগাঁও, 4 জুনঃ নগাঁও বটদ্ৰৱা ধিং গড়কাপ্তানি পথক চৰম দুৰাৱস্থা । পথৰ ওপৰত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত৷ মৰণ ফান্দত পৰিণত হৈছে নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথ । বিগত এটা বছৰ ধৰি বিধ্বস্ত হৈ পৰা পথটোত এতিয়া নিতৌ সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা ।
মঙলবাৰে নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা । মটৰ চাইকল আৰু মাৰুতি চুজুকীৰ এক মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাবে আহত হয় দুজনকৈ লোক । নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে আহি থকা এএছ ০২ এইচ ০৩৬১ নম্বৰৰ মাৰুতি চুজুকী বাহনখনে ডুমডুমীয়াৰ পৰা নগাঁও অভিমুখে গৈ থকা এএছ ০২ এছ ২০১৭ নম্বৰৰ এখন দ্ৰুতবেগী পালচাৰ মটৰ চাইকেলক নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । দুৰ্ঘটনাত মটৰ চাইকল আৰোহী দুজন গুৰুতৰভাবে আহত হয় । লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ আহত সকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷ বৰ্তমানলৈকে যুৱক কেইজনৰ নাম ঠিকনা জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবেই নগাঁও বটদ্ৰৱা ধিং সংযোগী ৰাজপথত বহু কেইজন লোকে মৃত্যুক সাৱটিব লবলগীয়া হৈছে যদিও এতিয়া গা লৰা নাই ব্যাগুম গড়কাপ্তানী বিভাগটোৰ ৷