বটদ্ৰৱা,11 মে': চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এটা দৰিদ্ৰ পৰিয়াল ৷ লক্ ডাউনৰ বাবে স্বামী ক্ষিৰুদ শইকীয়াই দিন হাজিৰা কৰিব নোৱাৰাৰ বাবে পত্নীয়ে আৰম্ভ কৰিছে শাক পাচলিৰ ব্যৱসায় ।
এই মহিলাগৰাকীৰ ঘৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত ৷ মানুহৰ ঘৰৰ পৰা এপদ দুপদকৈ শাক পাচলি বাকীকৈ আনি এই ব্যৱসায় কৰিছে হৰিপ্ৰিয়া শইকীয়া নামৰ মহিলা গৰাকীয়ে ৷ মহিলাগৰাকীৰ উদ্দেশ্য মাথো এমুঠি অন্ন যোগাৰ কৰাৰ । সন্তানক ভাত মুঠিৰ যোগান দিবলৈ এতিয়া এনেদৰে ব্যৱসায়ত নামিছে মহিলাগৰাকী ৷
মহিলাগৰাকীৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় । কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন হয় যে, চৰকাৰৰ অভিলাষী আঁচনি সমূহে কিয় ঢুকি নাপায় হৰিপ্ৰিয়াৰ দৰে মহিলাক ? কিয় সদায় উপেক্ষিত হৈ ৰয় এওঁলোকৰ দৰে বহু দৰিদ্ৰ লোক ?
লগতে চাওকঃভাৰতীয় বহু শিল্পীয়ে সমূহীয়াভাৱে জুৰিলে কৰ'ণা সজাগতাৰ বিশেষ গীত