ETV Bharat / state

জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা, ৰোগীক ঠেলাত লৈ হাস্পতাললৈ যাত্ৰা আত্মীয়ৰ

author img

By

Published : Aug 30, 2019, 7:58 PM IST

ৰাজ্যৰ গড়কাপ্তানী বিভাগে আমোল পৰিবৰ্তনৰ বিষয়ে কথাৰ ফুলজাৰি মাৰি থকাৰ সময়তে বটদ্ৰৱাৰ বিধ্বস্ত পথে উদঙালে গড়কাপ্তানী বিভাগৰ পঁয়ালগা স্বৰূপ ।

জৰাজীৰ্ণ ৰাস্তাৰে নচলে 108 সেৱা, ৰোগীক ঠেলাত লৈ হাস্পতাল যাত্ৰা আত্মীয়ৰ

বটদ্ৰৱা,30 আগষ্ট: গড়কাপ্তানী বিভাগৰ ফোপোলা স্বৰূপ ৷ ৰাজ্যৰ বাট-পথৰ আমোল পৰিৱৰ্তনৰ ওপৰত ৰাজ্য চৰকাৰখনে কথাৰ ফুলজাৰি মাৰি থকা সময়তে বটদ্ৰৱাৰ এটা জৰাজীৰ্ণ পথে উদঙাইছে ৰাজ্যিক গড়কাপ্তানী বিভাগৰ সোপাধিলা স্বৰূপ ৷জৰাজীৰ্ণ পথৰ গইনা লৈ ৰোগী আনিবলৈ অমান্তি 108 মৃত্যুঞ্জয় সেৱা ৷ বিকশিত অসমত ৰাষ্টা-পদূলিৰ পঁয়ালগা দৃশ্য ৷ এই সন্দৰ্ভত চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন..

Intro:নিৰ্বাচনৰ সময়ত বটদ্ৰৱাত আধাৰশিলা স্থাপন কৰি অভিলেখ গঢ়া পথৰ ওপৰত আজিলৈকে নপৰিল এটাও শিলগুটি ।বিধ্বস্ত পথৰ বাবেই নাহে 108 ৷ ক্ষোভিত ৰাইজ ।Body:ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাট পথৰ আমোল পৰিবৰ্তনৰ বিষয়ে বৰজহ মাৰি থকাৰ সময়তে বটদ্ৰৱাৰ বিধ্বস্ত পথে উদঙালে গড়কাপ্তানী বিভাগৰ পঁয়ালগা স্বৰূপটো। বটদ্ৰৱাত জৰাজীৰ্ণ বাট-পথৰ গইনা লৈ এতিয়া ৰোগী আনিবলৈও অমান্তি হয় 108 মৃত্যুঞ্জয় এম্বুলেঞ্চ। যাৰ বাবে শুক্ৰবাৰে 108-ৰ অভাৱত ঠেলাৰে কঢ়িয়াই আনিবলৈ বাধ্য হ'ল এজন ৰোগীক। বটদ্ৰৱা ৰামপুৰ সত্ৰৰ পৰা এজন ৰোগী আনিবলৈ পূঁৱাৰে কৰা কতৃপক্ষৰ সৈতে যোগাযোগ কৰিও 108 নাপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰোগী জনৰ পৰিয়ালৰ লোকে । শেষত উপায়ন্তহৈ প্ৰায় চাৰি কিলোমিটাৰ জৰাজীৰ্ণ পথ ঠেলাৰে কঢ়িয়াই ৰোগীজনক চিকিৎসকক দেখুৱাবলৈ পোৱালেহি বটদ্ৰৱাৰ স্বাস্থ্য কেন্দ্ৰত । ইফালে বছৰ-বছৰ ধৰি বটদ্ৰৱা সমষ্টিৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে বহুবোৰ দিশত দুৰ্ভোগ ভোগ কৰি আহিব লগীয়া হৈছে যদিও বিধায়িকা আঙুৰলতা ডেকাই এইক্ষেত্ৰত কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনৰ সময়ত চমক সৃষ্টি কৰিবলৈ বিধায়িকা গৰাকীয়ে সমষ্টিত বহু পথৰ আধাৰশিলা কৰিছিল । কিন্তু নির্বাচন পাৰ হৈ যোৱাৰ অত দিন পিছতো এই পথ সমূহত নপৰিল এটাও শিলগুটি । বহুবল্কী মন্ত্ৰী হিমন্তৰ বিয়াগোম গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা গৰাকীৰ নিৰব ভূমিকাৰ বাবেই জীয়াতু ভোগিব লগীয়া হৈছে সাধাৰণ লোকৰ লগতে অসুস্থ ৰোগী সকলেও। এতিয়া প্ৰশ্ন হয় সততে উন্নয়ণৰ কথা কোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিৰ্বাচনৰ সময়ত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা এই ৰাস্তা ঘাটৰ দুৰৱস্থাৰ বাবে কৰা আধাৰশিলা আধাৰশিলা হয়ৈ ৰ'ব নে পথৰ ওপৰত পৰিব শিলগুটি ? সেইয়া হে হব লক্ষনীয় । ______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.