ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Nov 2, 2019, 11:38 AM IST

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে নিশা এপৰলৈকে আৰক্ষীৰ অভিযান। নিষিদ্ধ ড্ৰাগছৰ ঘাটিয়ে ঘাটিয়ে আৰক্ষীৰ দল । এই অভিযানত উদ্ধাৰ হ'ল বহু পৰিমাণৰ ড্ৰাগছ আৰু ড্ৰাগছৰ লগত ব্যৱহৃত সামগ্ৰী । আটক সৰবৰাহকাৰী ।

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বটদ্ৰৱা, 2 নৱেম্বৰঃ নিষিদ্ধ ড্ৰাগছে সম্প্ৰতি চানি ধৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল ৷ জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা ৷ যাৰ ফলত অঞ্চলটোৰ সুষ্ঠ শৈক্ষিক,সামাজিক পৰিৱেশ বহু পৰিমাণে বিনষ্ট হৈছে । এই বাতৰি একমাত্ৰ ইটিভি ভাৰতে ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰাৰ পিছতেই উক্ত অবাধ ড্ৰাগছ,সুৰাৰ বিৰুদ্ধে হঠাৎ তৎপৰ হৈ পৰিছে বটদ্ৰৱা আৰক্ষী

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

লগতে পঢ়কঃনগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত প্ৰহৃত কিশোৰ

শুকুৰবাৰে নিশা এপৰলৈকে আৰক্ষী চক্ৰ বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সহযোগত বটদ্ৰৱা ধনীয়াভেটিৰ মজিবুৰ ৰহমান নামৰ অবৈধ ড্ৰাগছৰ সৰবৰাহকাৰীটোৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ আৰু ড্ৰাগছৰ লগত ব্যবহৃত সামগ্ৰী উদ্ধাৰ কৰে । অৱশ্যে চল চাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মজিবুৰ ৰহমানে পলায়ন কৰে যদিও নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত মজিবুৰ ৰহমানৰ পত্নীক আৰক্ষীয়ে আটক কৰে।

barduwa
উদ্ধাৰ হোৱা ড্ৰাগছখিনি

আনহাতে শনিবাৰে পুৱা পুনৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত চলা অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মজিবুৰ ৰহমানক বহু পৰিমাণৰ ড্ৰাগছ সহ আটক কৰে ।

আটক সৰবৰাহকাৰী

Intro:ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই বটদ্ৰৱাত ড্ৰাগচৰ বিৰুদ্ধে নিশা এপৰলৈকে আৰক্ষীৰ অভিযান । নিষিদ্ধ ড্ৰাগচৰ ঘাটিয়ে ঘাটিয়ে আৰক্ষীৰ দল । আটক সৰবৰাহকাৰী ।Body:নিষিদ্ধ ড্ৰাগচে সম্প্ৰতি চানি ধৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল ৷ দিনক দিনে বৃদ্ধি পাইছে জিলা খনত ড্ৰাগচ আসক্তৰ সংখ্যা ৷এই সন্দৰ্ভত ই টি ভি ভাৰতত সম্প্রচাৰিত বাতৰিৰ পিছতেই তৎপৰ হৈ পৰিছে নগাঁও জিলা পুলিচ প্ৰশাসন । বটদ্ৰৱাত নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নিশা এপৰলৈকে ড্ৰাগচৰ ঘটিয়ে ঘাটিয়ে আৰক্ষীৰ দল। উদ্ধাৰ হল বহু পৰিমানৰ ড্ৰাগচ আৰু ড্ৰাগচৰ লগত ব্যবহৃত সামগ্রী। বিশেষকৈ জিলা খনৰ বটদ্ৰৱা, ধনীয়াভেটি, বৰিবজাৰ, শিলপুখুৰী, কদমনি আদি ঠাইত অবৈধভাৱে কাঠফুলাৰ দৰে ড্ৰাগচৰ ব্যবসায় গঢ়ি উঠাৰ ফলত অঞ্চলটোৰ নৱ প্ৰজন্মৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীও পৰিছিল ড্ৰাগচৰ কৰাল গ্ৰাসত । ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগচ আসক্তৰ লগতে ড্ৰাগচ সৰবৰাহকাৰীৰ সংখ্যা ৷ যাৰ ফলত অঞ্চলটোৰ সুষ্ঠ শৈক্ষিক, সামাজিক পৰিৱেশ হৈছে বিনষ্ট। আৰু এই বাতৰি এক মাত্ৰ ই টি ভি ভাৰতে ধাৰাবাহিক ভাবে প্ৰচাৰ কৰাৰ পিছতেই উক্ত অবাধ ড্ৰাগছ, সুৰাৰ বিৰুদ্ধে হথাৎ তৎপৰ হৈ পৰিছে বটদ্ৰৱা আৰক্ষী। শুক্ৰবাৰে নিশা এপৰলৈকে আৰক্ষী চক্ৰ বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত সংখ্যালঘূ গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সহযোগত বটদ্ৰৱা ধনীয়াভেটিৰ মজিবুৰ ৰহমান নামৰ এটা অবৈধ ড্ৰাগছৰ সৰবৰাহকাৰীৰ ঘৰৰ পৰা নিসিদ্ধ ড্ৰাগছ আৰু ড্ৰাগছৰ লগত ব্যবহৃত সামগ্রী উদ্ধাৰ কৰে। অবশ্যে চল চাই কুখ্যাত ড্ৰাগছ ব্যবসায়ী মজিবুৰ ৰহমানে পলায়ন কৰে যদিও নিসিদ্ধ ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগত মজিবুৰ ৰহমানৰ পত্নীক আৰক্ষীয়ে আটক কৰে। বৰ্তমান এই ড্ৰাগছ সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.