ETV Bharat / state

সমাগত দৌলোৎসৱঃ সাজু বটদ্ৰৱা - বটদ্ৰৱা থান পৰিচালনা সমিতি

সমাগত দৌলোৎসৱক লৈ এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে বটদ্ৰৱাবাসীৰ ৷ তাহানিৰে পৰা দাঙি ধৰা অপূৰ্ব আদৰ্শক সৰোগত কৰি পূৰ্বৰ দৰে এইবেলিও, পাঁচদিনীয়া ভিন্ন কাৰ্যসূচীৰে অহা 4 মাৰ্চৰ পৰা 12 মাৰ্চলৈ আয়োজন কৰা হৈছে বটদ্ৰৱাৰ দৌলোৎসৱ ৷

সমাগত দৌলোৎসৱ
সমাগত দৌলোৎসৱ
author img

By

Published : Feb 26, 2020, 11:25 PM IST

বটদ্ৰৱা, 26 ফেব্ৰুৱাৰীঃ আৱিৰৰ ৰঙেৰে ৰঙীণ হ'ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান ৷ মিলন বাৰ্তাৰে সমাগত বৰদোৱাৰ দৌলোৎসৱ ৷ প্ৰাণ উতলা ফাগুনৰ যেন এক এৰাব নোৱাৰা অংগ ফাকুৱা ৷ তাহানিৰে পৰা দাঙি ধৰা অপূৰ্ব আদৰ্শক সৰোগত কৰি পূৰ্বৰ দৰে এইবেলিও গুৰুজনাৰ জন্মস্থানত আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ পাঁচদিনীয়া ভিন্ন কাৰ্যসূচীৰে অহা 4 মাৰ্চৰ পৰা 12 মাৰ্চলৈ আয়োজন কৰা হৈছে এই পৰম্পৰাগত ফল্গুৎসৱটি ৷ দৌল মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে থান পৰিচালনা সমিতিয়ে ৷

সমাগত দৌলোৎসৱঃ সাজু বটদ্ৰ

চুণ তেল সানি আটক ধুনীয়াকৈ সজাই তোলা হৈছে বটদ্ৰৱা থানৰ দেৱালসমূহ, সজাই তোলা হৈছে থানৰ চৌহদ ৷ প্ৰায়েই সম্পূৰ্ণ হৈছে অতিথি আদৰাৰ প্ৰস্তুতিও ৷ মহোৎসৱৰ আটাইকেইটা দিনতেই প্ৰদৰ্শিত কৰা হ'ব গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাৰ লগতে সত্ৰীয়া নৃত্য ৷ লগতে থাকিব বৰ্ণাঢ্য আয়োজনেৰে পৰম্পৰাগত ভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ মহোৎসৱ উপলক্ষে বুধবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুষ্ঠাৰ কৰে এক সংবাদমেল ৷ সংবাদমেলত দৌল উৎসৱৰ কাৰ্যসূচী উন্মোচন কৰাৰ লগতে সকলোৰে সহযোগিতা কামনা কৰে থান পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়কঃ বিটিআৰ নিৰ্বাচনঃ নিৰ্বাচনী ৰণডংকা ইউপিপিএলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.