বটদ্ৰৱা, 8 মাৰ্চঃ আজিৰে পৰা আৰম্ভ হ'ল ৰঙৰ উৎসৱ ফাকুৱা ৷ সেই উপলক্ষে ভক্তি ৰসৰ নিজৰা বোৱাই সম্পূৰ্ণ ঐতিহ্য পৰম্পৰা আৰু আধ্যাত্মিকতাৰে গুৰু জনাৰ জন্ম স্থান বটদ্ৰৱাত উখল মাখল পৰিৱেশ ৷ দৌল উৎসৱৰ আজি প্ৰথম দিনা অগণন ভকত বৈষ্ণৱৰ উপস্থিতি দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত ৷ উল্লেখ্য যে, পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুস্থিত এই মহোৎসৱৰ প্ৰথম দিনটো গন্ধ উৎসৱ হিচাপে প্ৰচলিত হৈ আহিছে ৷ গন্ধ উৎসৱৰ নিশা সত্ৰৰ ভকত বৈষ্ণৱ সকলে নাম কীৰ্তন কৰি মহাপ্ৰভূক নামঘৰৰ মনিকুটৰ পৰা নমাই আনি অস্থায়ী গৃহলৈ নি শুদ্ধিকৰণ কৰিব ৷
লগতে পঢ়কঃ ফাকুৱা উপলক্ষে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন, 9 মাৰ্চত ড্ৰাই ডে’