ETV Bharat / state

পলুৱাই অনা যুৱতীক লৈ শংকিত বটদ্ৰৱাৰ এখন গাঁও

author img

By

Published : Jun 23, 2020, 5:27 AM IST

ৰাইডঙীয়াৰ এজন যুৱকে নগাঁৱৰ ৰঙাগড়া হুজ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক পলুৱাই আনিছিল ৷ আৰক্ষীয়ে উদ্ধাৰ কৰি যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি চমজাই দিছিল পৰিয়ালক । কিন্তু ২১ জুনত যুৱতী গৰাকীৰ দেহত COVID-19 ধৰা পৰে ।

পলুৱাই অনা যুৱতীক লৈ শংকিত বটদ্ৰৱাৰ এখন গাঁও
পলুৱাই অনা যুৱতীক লৈ শংকিত বটদ্ৰৱাৰ এখন গাঁও

বটদ্ৰৱা, 23 জুনঃ বটদ্ৰৱাৰ ৰাইডঙীয়া গাঁৱৰ ৰাইজ শংকিত COVID-19 সংক্ৰমণক লৈ ৷ কিয়নো গাওঁখনৰ এজন যুৱকে পলুৱাই আনিছিল এগৰাকী যুৱতী ৷ কিন্তু সেই যুৱতী গৰাকীৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছ ৷

ঘটনা অনুসৰি, কিছুদিন পূৰ্বে, ৰাইডঙীয়াৰ এজন যুৱকে নগাঁৱৰ ৰঙাগড়া হুজ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক পলুৱাই আনিছিল ৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰাইডঙীয়াৰ পৰা উদ্ধাৰ কৰিছিল যুৱতী গৰাকীক হয়বৰগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে উদ্ধাৰ কৰি যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি চমজাই দিছিল পৰিয়ালক । কিন্তু ২১ জুনত যুৱতী গৰাকীৰ দেহত COVID-19 ধৰা পৰে । ইয়াৰ পিছতেই ৰাইদঙীয়া আৰু ৰঙাগড়া হুজ গাঁৱৰ ৰাইজ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে দীপ দাস নামৰ যুৱকজনে যুৱতী গৰাকীক পলুৱাই আনি ধিঙৰ লহকৰ গাঁও আৰু ৰাইডঙীয়াৰ এজন লোকৰ ঘৰত পলুৱাই আশ্রয় লৈ আছিল । নগাঁও স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে বৰ্তমানলৈকে কোনো ধৰনৰ ব্যৱস্থা গ্রহণ নকৰাত অধিক আতংকিত হৈ পৰিছে তিনিখনকৈ গাৱঁৰ ৰাইজ ।

লগতে পঢ়কঃ কোভিড কেয়াৰ কেন্দ্ৰ মুকলিৰ ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.